Rash Mahotsav: মাজুলীৰ মিচিং সম্প্ৰদায় অধ্যুষিত নলদুৱাৰ জনজাতি যুৱ-কৃষ্টি সংঘৰ উদ্যোগত ৰাসোৎসৱ

সমগ্ৰ অসমৰ লগতে নামনি (Rash Mahotsav) মাজুলীৰ বৃহত্তৰ অঞ্চলক সামৰি নলদুৱাৰ জনজাতি যুৱ-কৃষ্টি সংঘৰ উদ্যোগত ধূনাগুৰি পাৰঘাটৰ সমীপৰ কমলপুৰ নলদুৱাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীশ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা আৰম্ভ হৈছে। থলুৱা মিচিং জনগোষ্ঠীয় ভা-ভাৱৰীয়াৰ অভিনয়, নতুন দৃশ্য সজ্জা, আলোকসজ্জাৰে প্ৰদৰ্শিত হ’বলগীয়া এইবাৰৰ ৰাসোৎসৱত স্থানীয় শিল্পীৰ লগতে আমন্ত্রিত শিল্পীৰো পয়োভৰ ঘটিব।

বিশেষকৈ মিচিং চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী পূজা মিলিৰ দৈৱকী আৰু বলিষ্ঠ ৰাস অভিনেতা শংকুসিদ্ধ নাথ আৰু স্থানীয় শিল্পী হেমন্ত মিলিৰ কংসাভিনয় প্রদর্শন কৰা হ’ব। ১৯৭৪ চনতেই প্ৰতিষ্ঠা লাভ কৰা এই নলদুৱাৰ জনজাতি যুৱ-কৃষ্টি সংঘৰ দুয়োদিনৰ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি, সহযোগিতা আয়োজক সমিতিৰ সভাপতি কৃষ্ণ দলে আৰু সম্পাদক যদু বৰিয়ে।

Related Articles