ক্ৰিকেটাৰ বিৰাট (Virat kohli) কোহলী এতিয়া এখন বিলাসী ৰেষ্টুৰেণ্টৰ মালিকো। তেওঁৰ ৰেষ্টুৰেণ্টখনৰ নাম ‘ৱান এইট কমিউন’। বিৰাটৰ এই ৰেষ্টুৰেণ্ট খন কলকাতা, বেংগালুৰু, দিল্লী, মুম্বাই, পুনে আৰু জয়পুৰত আছে। বিৰাটৰ প্ৰিয় বিদেশী খাদ্যই ৰেষ্টুৰেণ্টৰ মেনুত সুকীয়া স্থান দখল কৰিছে। তালিকাত কি আছে জানো আহক-
বিৰাট কোহলীয়ে তেওঁ পুৰণি কেইবাটাও সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ প্ৰিয় খাদ্য হৈছে বাটাৰ চিকেন। ২০১৮ চনত কোহলীয়ে হঠাতে ঘোষণা কৰিছিল যে তেওঁ আৰু আমিষ খাদ্য নাখাব। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে সদায় ফিটনেছৰ প্ৰতি সতৰ্ক। প্ৰায় প্ৰতিদিনে ঘণ্টাৰ পিছত ঘণ্টা ধৰি খেলপথাৰত অনুশীলন কৰে। লগতে গধুৰ ৱৰ্কআউট। স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিবলৈ বিৰাটে নিৰামিষভোজী হোৱাৰ সিদ্ধান্ত ল’লে।
এতিয়া কোহলীয়ে বহু সাক্ষাৎকাৰত কৈছে যে তেওঁৰ প্ৰিয় খাদ্য হৈছে ছোলে ভাতুৰে। বিশেষকৈ তেওঁ দিল্লীৰ ছোলে ভাতুৰে ভাল পায়। দিল্লীৰ ঘৰলৈ গ’লেই মাকে বনোৱা ৰাজমা-চাওল খাই ভাল পায়। অৱশ্যে বছৰটোৰ বাকী সময়খিনি তেওঁ ডায়েটত থাকে। বিৰাট খাদ্যৰ প্ৰতি যথেষ্ট গুৰুত্বপূৰ্ণ।
শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত বিৰাটে কয়, “মই ভাবো ফিটনেছৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ’ল খাদ্য। মই একেটা খাদ্যই ছমাহ একেৰাহে খাব পাৰো। দিনটোৰ ভিতৰত মই খোৱা খাদ্যৰ ৯০ শতাংশই সিজোৱা বা ভাপত দিয়া হয়। তাৰ লগত নিমখ, জলকীয়া আৰু নেমু! চালাড খাই ভাল পাওঁ। পেন-গ্ৰিল কৰা খাদ্য খাওঁ। কিন্তু মই কোনো গ্ৰেভি টাইপৰ খাদ্য নাখাওঁ।”
বিৰাটৰ প্ৰিয় বিদেশী খাদ্যৰ তালিকাত প্ৰথমে টাৰ্টাৰ টপড উইথ এভোকেডো।

