বিশ্ব জয় কৰিলে (Uma Chetry) উমা চেত্ৰীয়ে, বোকাখাটৰ বাসগৃহত আনন্দৰ লহৰ। ICC মহিলা বিশ্বকাপত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল উমাই। ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে ভাৰতে।
কালি বিশ্ব জয় কৰি অসমত উপস্থিত হয় অসম গৌৰৱ উমা চেত্ৰী। গুৱাহাটীৰ পৰা পোনে পোনে নিজ বাসগৃহত উপস্থিত উমা। বোকাখাটৰ বাসগৃহত উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে।
বিশ্ব জয় কৰি উমাই এটা ভিডিঅ’ত কয় যে মোৰ মায়ে মেডেল পিন্ধিছে, বিশ্বকাপ ট্ৰফীৰ সৈতে ফটো উঠিছে বহুত ভাল লাগিছে। সকলোৰে এটা সপোন থাকে ভাৰতীয় দলৰ হৈ ক্ৰিকেট খেলা।
এইদৰে মন্তব্য কৰে ICC মহিলা বিশ্বকাপত জয়ী হোৱা অসম গৌৰৱ উমা চেত্ৰীয়ে ভাষ্য।

