Cauliflower: এতিয়া ফুলকবি খোৱাৰ বতৰ, ফুলকবি ধোৱাৰ সময়ত পানীত কি দিব লাগে জানেনে?

ফুলকবিত পোক-পৰুৱা লুকাই থাকে। (Cauliflower)কেতিয়াবা দেখা যায়, কেতিয়াবা দেখা নাযায়। ইয়াৰ উপৰিও ফুলৰ ভাঁজত মলি জমা হয়। ইয়াৰ ফলত বিভিন্ন ৰোগৰ সম্ভাৱনীয়তা সৃষ্টি হয়।

বজাৰখন এতিয়া লাহে লাহে ফুলকবিৰে ভৰি পৰিছে। আগন্তুক কেইমাহমানৰ ভিতৰত মাছৰ জোলৰ পৰা আৰম্ভ কৰি সকলো তৰকাৰীকেতে দেখা পাব ফুলকবিক। সতেজ বতৰৰ শাক-পাচলিৰ সোৱাদ যথেষ্ট। কিন্তু এই পাচলি বিধে যদি স্বাস্থ্যৰ বাবে বিপদৰ সৃষ্টি কৰে তেন্তে কি হ’ব?

ফুলকবি পৰিষ্কাৰ কৰি ৰখাৰ বিশেষ পদ্ধতি-

১ টা ডাঙৰ পাত্ৰত গৰম পানী ল’ব

তাত ২ চামুচ নিমখ

আধা চামুচ হালধি গুড়ি দিব

১ চামুচ ভিনেগাৰ (নিদিলেও হ’ব)

প্ৰথমে ফুলকবিখিনি ভালদৰে কাটি ল’ব। তাৰ পিছত সেই পাত্ৰটোত দি দিব। নিমখে ফুলকবিৰ পৰা মলি আঁতৰাব আৰু পোকবোৰক মাৰি পেলাব। হালধীত এন্টিবেক্টেৰিয়েল গুণ আছে আৰু ভিনেগাৰে মৃদু বীজাণুনাশক হিচাপে কাম কৰে।

পানীত ২০ মিনিট মান ৰাখিব আৰু পিছত দেখিব পাত্ৰটোত থকা পানীৰ ওপৰত মলি ওপঙি আছে। পোক-পৰুৱা থাকিলেও পানীৰ ওপৰলৈ উঠি আহিব।

ধোৱাৰ পিছত কোমল টাৱেল এখনত টুকুৰাবোৰ শুকুৱাই ল’ব। ফুলকবি যদি ৰন্ধা সময়ত তিতি থাকিব নালাগে।

Related Articles