নলবাৰীৰ কুমাৰিকাটাৰ (Ramcharan Bharali) নিজ বাসগৃহৰ সন্মুখতে কৰা হ’ল সৎকাৰ। বৃহস্পতিবাৰে নিশা ১২ বাজি ২০ মিনিটত ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল খ্যাতনামা শিল্পী গৰাকীয়ে। নিশাৰ আহাৰ গ্ৰহণ কৰি শেষ নিশ্বাস ত্যাগ কৰিছিল শিল্পীগৰাকীয়ে। সদৌ অসম নাগাৰা নাম সন্থাৰ সভাপতি আছিল ৰামচৰণ ভৰালী।
১৯৬৪ চনত নাগৰা নাম পাৰ্টীৰ জন্ম দিছিল ৰামচৰণ ভৰালীয়ে। নাগাৰা নাম সম্পৰ্কীয় 6 খনকৈ গ্ৰন্থও ৰচনা কৰিছিল ৰামচৰণ ভৰালীয়ে। ৰাম চৰণ ভৰালীয়ে ৬৫ খন অডিও কেছেট আৰু ৩০ খন ভিডিঅ’ কেছেট প্ৰযোজনা কৰিছিল। ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্ত ৰামচৰণ ভৰালীয়ে ২০০২ চনত অসম নাট্য সন্মিলনিৰ নাগাৰা নাট্য সূৰ্য নামেৰে সন্মানিত হৈছিল। আজি ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন হল নাগাৰা সম্ৰাট ৰামচৰণ ভৰালীৰ ৷
টোপ ধ্বনি ফুটাই ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় ‘নাগাৰা সূৰ্য’ক৷ ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন কৰা অনুষ্ঠানটোত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া,মন্ত্ৰী জয়ন্ত মল্লবৰুৱা,সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল ভট্টাচাৰ্য,প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা,জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী,বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ত্ৰিনয়ন বৰ্মন,জিলা সভাপতি জয়ন্ত বুজৰবৰুৱাকে ধৰি হাজাৰ হাজাৰ গুণমুগ্ধ আৰু নাগাৰা নামৰ অনুগামী সকলে।

