উত্তৰ গুৱাহাটী ভেটামুখ ডেম্পৰ পৰা বৃহৎ পৰিমাণৰ কাহ -পিতলৰ চুৰি সামগ্ৰী উদ্ধাৰ । North Guwahati

North Guwahati । উত্তৰ গুৱাহাটী ভেটামুখ ডেম্পৰ পৰা বৃহৎ পৰিমাণৰ কাহ -পিতলৰ চুৰি সামগ্ৰী উদ্ধাৰ । কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক আৰু উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ বিষয়া ৰাতুল কুমাৰ দাসৰ নেতৃত্বত আজি উত্তৰ গুৱাহাটী ভেটামুখ ( গৌৰীপুৰ) ৰ এটা ডেম্পত চলোৱা অতৰ্কিত অভিযানত বৃহৎ পৰিমাণৰ কাহ – পিতলৰ চুৰি সামগ্ৰী উদ্ধাৰ হয় ।

এই চুৰি সামগ্ৰী সমূহৰ ভিতৰত আছে শৰাই,ঘটি, টো,থালি,চাকি, টিলিঙাকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী । সামগ্ৰী সমূহ উত্তৰ গুৱাহাটীৰ লগতে জিলা খনৰ বিভিন্ন স্থানৰ নামঘৰ, মন্দিৰ আৰু মানুহৰ ঘৰৰ পৰা চুৰি কৰি দেম্পটোত মজুত কৰি ৰখা হৈছিল । এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ সামগ্ৰী খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সামগ্ৰী খিনিৰ মূল্য কেইবা লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজন লোকক আটক কৰাৰ লগতে জোৰদাৰ তদন্ত আৰম্ভ কৰিছে । সন্দেহ কৰা মতে এই চুৰি কাৰ্যৰ লগত এটা বৃহৎ চক্ৰ জড়িত হৈ আছে ।

Related Articles