Children’s Day: শিশু দিৱস উপলক্ষে দীনজ্যোতি ফাউণ্ডেশ্যনৰ বিশেষ কাৰ্যসূচী

শিশু দিৱস উপলক্ষে (Children’s Day) গুৱাহাটীৰ পামহীস্থিত অক্ষৰ ফ’ৰামত আজি দীনজ্যোতি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা দিনযোৰা কাৰ্যসূচীৰে শিশুসকলৰ মাজত এক অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে শিশু সকলক উৎসাহ দিয়াৰ বাবে বঁটা বিতৰণ আৰু শিশু সকলৰ বাবে লঘু আহাৰৰ ব্যৱস্থাও কৰা হয়।

শিশু সকলৰ মাজত কেক কাটি শিশু দিৱস উদযাপন কৰা অনুষ্ঠানটোত দীনজ্যোতি ফাউণ্ডেশ্যনৰ সঞ্চালিকা চুমি ৰহমান, সম্পাদক মধুস্মিতা বৰা দাস , উপ-সভাপতি চৈয়দা আঞ্জুৱাৰা বেগম, প্ৰণামিকা শইকীয়া, নীলম কাপুৰ, লায়ঞ্চ ক্লাব গুৱাহাটী চাউথৰ শ্যামলী বৰুৱা সভানেত্ৰী, নীলম গোস্বামী আৰু অক্ষৰ ফ’ৰামৰ প্ৰতিস্থাপক অলকা দেশাই, প্ৰিঞ্চিপাল আকাংক্ষা ডুবে লগতে অন্যান্য শিক্ষক-শিক্ষয়ত্ৰী সকল উপস্থিত থাকে।


অক্ষৰ ফাউণ্ডেশ্যনৰ প্ৰচেষ্টাক শলাগ জনাই দীনজ্যোতি ফাউণ্ডেশ্যনৰ সঞ্চালিকা চুমি ৰহমানে কয় অক্ষৰ ফ’ৰামৰ প্লাস্তিক পুনৰ ব্যৱহাৰ(ৰিচাৰ্কল)কৰাৰ প্ৰযুক্তি বা কৌশল শলাগিব লগীয়া। পৃথিৱী খন সেউজীয়া কৰাৰ ক্ষেত্ৰত অক্ষৰ ফ’ৰামৰ প্ৰচেষ্টাত দহৰ বাবে অনুপ্ৰেৰণা হোৱাৰ লগতে কণ কণ শিশু সকলৰ শাৰীৰিক মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি এটা বিশেষ দিন সিহঁতৰ লগত উয্যাপন কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

তেখেতে কয় যে অনাগত দিনতো শিশু সকলৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

Related Articles