কোন হ’ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? X হেণ্ডেলৰ পৰা ডিলিট নীতিশ কুমাৰৰ প’ষ্ট…

বিহাৰ বিধানসভা নিৰ্বাচনত নীতিশ কুমাৰ নেতৃত্বাধীন এনডিএৰ বৃহৎ বিজয়ৰ পিছতো পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ ৰাজ্যৰ ৰাজনীতিত উত্তেজনা অব্যাহত আছে। বিজেপিৰ জ্যেষ্ঠ নেতা, যেনে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে নীতিশ কুমাৰেই মুখ্যমন্ত্ৰী হৈ থাকিব বুলি বাৰে বাৰে আশ্বাস দি আহিছে যদিও মহাজোঁটে মুখ্যমন্ত্ৰীৰ নাম আগতীয়াকৈ ঘোষণা নকৰাৰ বাবে একাংশই এনডিএক সমালোচনা কৰিছে।

এই জল্পনা-কল্পনাৰ মাজতে, জেডিইউ ৰ নিজ এক্স হেণ্ডেলৰ পৰা এটা পুৰণি পোষ্ট ডিলিট হোৱাক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। শুকুৰবাৰে জেডিইউ য়ে নিজ এক্সত লিখে যে, “অতীত নহয় ভৱিষ্যত। নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী আছিল, আছে আৰু থাকিব।”

লক্ষ্যণীয় যে, প্ৰকাশ পোৱাৰ কিছু সময়ৰ পিছতে এই পোষ্টটো ডিলিট কৰা হয়। এতিয়া সকলোৰে দৃষ্টি ৰাজ্যৰ অন্যতম দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ ৰাজনীতিৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি নীতিশ কুমাৰৰ ওপৰত। যোৱা দুটা দশকৰ বেছিভাগ সময়ৰ বাবে, মিত্ৰজোঁট যিয়েই নহওঁক কিয়, জেডি(ইউ) নেতাগৰাকীয়েই শাসনৰ মূল কেন্দ্ৰত আছে।

তাৰোপৰি, ফলাফল ঘোষণাৰ পূৰ্বেও নীতিশ কুমাৰৰ সমৰ্থনত পাটনাত কেইবাখনো পোষ্টাৰ লগোৱা হৈছিল। ৰাজ্যখনৰ ৰাজধানীত “টাইগাৰ অভি জিন্দা হায়” আৰু “পছিশ ছে তিশ, ফিৰ ছে নীতিশ” বাৰ্তা থকা জেডি(ইউ)ৰ পোষ্টাৰ সমূহ। এই পোষ্টাৰসমূহ নিৰ্বাচনৰ অন্যতম আকৰ্ষণ হৈ পৰিছিল।

Related Articles