Sheikh Hasina: শ্বেখ হাছিনাক মৃত্যুদণ্ড বিহিলে ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেলে

ক্ষমতাত থকাৰ (Sheikh Hasina) সময়ত নিজৰ শক্তিৰ অপপ্ৰয়োগ কৰি প্ৰতিবাদকাৰীৰ ওপৰত নিষ্ঠুৰভাবে জঁপিয়াই পৰিবলৈ নিৰাপত্তা বাহিনীক নিৰ্দেশ দি এতিয়া মহা বিপদত পৰিছে শ্বেখ হাছিনা৷ প্ৰতিবাদ দমনৰ নামত বৰ্বৰ পন্থা গ্ৰহণ কৰাৰ অভিযোগত এতিয়া দোষী সাৱস্থ্য হয় বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা৷ প্ৰতিবাদ দমনৰ নামত মানৱতাৰ বিৰুদ্ধে অপৰাধত লিপ্ত হোৱাৰ বাবে দোষী সাব্যস্ত হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা৷ হাছিনাই প্ৰতিবাদীক মাৰণাস্ত্ৰৰে আক্ৰমণৰ বাবে তেওঁক সাব্যস্ত কৰিছে ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেলে৷ হাছিনাৰ বিৰুদ্ধে আছে ৬ জনকৈ প্ৰতিবাদীক হত্যাৰ নিৰ্দেশ দিয়াৰ অভিযোগ৷

বিগত বৰ্ষৰ প্ত আগষ্টত সংঘটিত হৈছিল এই ঘটনা৷ নিৰস্ত্ৰ প্ৰতিবাদীক মাৰণাস্ত্ৰৰে আক্ৰমণৰ নিৰ্দেশ দিয়াৰ অপৰাধত দোষী সাব্যস্ত হাছিনা৷ হাছিনাৰ নিৰ্দেশতেই প্ৰতিবাদীক মাৰণাস্ত্ৰৰে আক্ৰমণ কৰা বুলি প্ৰমাণ হৈছে৷ ইয়াৰ পিছতে ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেলে তেওঁৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে হত্যাৰ মুঠ প্তটা গোচৰ চলি আছিল৷ তিনিজন সদস্য থকা ট্ৰিবিউনেলে ৪৫৩ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰি হাছিনাক মৃত্যুদণ্ড বিহে৷ তেওঁক পৃথক পৃথক গোচৰত আইটিচিয়ে দোষী সাব্যস্ত কৰে আৰু মৃত্যুদণ্ডৰ শাস্তি বিহে৷ এই ট্ৰিবিউনেলৰ নেতৃত্বত আছিল জাষ্টিচ মহম্মদ গুলাম মুৰ্তাজা মজুমদাৰ৷

আইচিটিৰ ন্যায়াধীশৰ মতে, এই গোচৰ অতি গভীৰ আছিল, ফলত সিদ্ধান্তও ৬ ভাগত দিয়া হৈছে৷ আদালতৰ এই সিদ্ধান্তক বাংলাদেশৰ ৰাজনৈতিক ইতিহাসৰ এক অভূতপূৰ্ব সিদ্ধান্ত হিচাপে পৰিগণিত হৈছে৷ কিয়নো প্ৰথমবাৰৰ বাবে এখন দেশৰ সৰ্বোচ্ছ ৰাজনৈতিক পদত অধিষ্ঠিত নেতাৰ বিৰুদ্ধে এই ধৰণৰ ৰায় প্ৰদান কৰিছে আদালতে৷ বাংলাদেশত প্ৰথমবাৰ ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেলে কোনো তৎকালীন প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ৰায় প্ৰদান কৰিছে৷ ট্ৰিবিউনেলে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কামাল আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক চৌধৰী আব্দুল্লা অল মামুনৰ বিৰুদ্ধে ৰায় প্ৰদান কৰে৷

Related Articles