Zubeen Garg Birthday: নাহৰ পুলি ৰোপণ কৰি জুবিন গাৰ্গবিহিন প্ৰথমটো ওপজা দিন উদযাপন

নাহৰ (Zubeen Garg Birthday) পুলি ৰোপণ কৰি জুবিন গাৰ্গবিহিন প্ৰথমটো ওপজা দিন উদযাপন। আজি মহান শিল্পী, সকলোৰে আদৰৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব প্ৰয়াত জুবিন গাৰ্গ বিহিন প্ৰথমটো জন্মদিন। আজিৰ দিনটোত প্ৰয়াত শিল্পী গৰাকীক প্ৰতিজন অসমীয়াই শ্ৰদ্ধাৰে সোঁৱৰিছে। বিভিন্ন জনে বিভিন্ন ধৰণে জুবিনবিহীন প্ৰথমটো জন্মদিন উদযাপনৰ কাৰ্যসূচী হাতত লৈছে। অনুৰূপ ধৰণে কামৰূপ জিলাৰ নৱগঠিত ২৭ নং ছমৰীয়া সমষ্টিৰ কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী ছাহজাহান আলীয়ে নিজৰ বাসভৱনৰ পদুলি আৰু সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰ প্ৰাংগনত থকা বাগিছাত শিল্পী গৰাকীৰ অতি প্ৰিয় নাহৰৰ পুলি ৰোপণ কৰি শ্ৰদ্ধাৰে স্মৰণ কৰে।

নাহৰ পুলি ৰোপণৰ অন্তত স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসাধীন অৱস্থাত থকা ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ ওপৰিও অআৰএচএল বিতৰণ কৰা দেখা যায়। ছাহজাহান আলীৰ এই কাৰ্যসূচীত চিকিৎসক ডাঃ মোজ্জামেল মল্লিক, ডাঃ জাহিদুল ইছলাম,সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা দোস্ত খলিলুৰ ৰহমান, সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক আবু শ্বহিদুল ইছলাম, কেইবাগৰাকী নাৰ্চ প্ৰমুখ্যে স্থানীয় ভালে সংখ্যক স্থানীয় লোকে সংগ দিয়ে। মহান শিল্পী গৰাকীৰ পবিত্ৰ ওপজা দিনটোতেই তেওঁৰ বিদেহ আত্মাৰ শান্তি বিচাৰি ঈশ্বৰক প্ৰাৰ্থনা জনায়। লগতে অসম বাসীক জুবিন গাৰ্গে বিচৰা ধৰণৰ হিংসা আৰু জাতীয়তা বিদ্বেষহীন বৰ অসম গঢ়াৰ আহ্বান জনায়।

Related Articles