Goalpara News: গোৱালপাৰাত সংগীত সম্ৰাট জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিলে গৰীয়া জাতীয় পৰিষদে

গোৱালপাৰাত সংগীত( Goalpara News) সম্ৰাট জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিলে গৰীয়া জাতীয় পৰিষদে। জুবিন গাৰ্গৰ দ্বাৰা প্ৰেৰিত হোৱা নতুন প্ৰজন্মৰ শিল্পী সকলেও জনপ্ৰিয় গীতসমূহ পৰিৱেশন কৰি দিনটোক অধিক ৰঙীন কৰি তোলে।

বিশেষকৈ কালি সমগ্ৰ অসমৰ লগতে গোৱালপাৰা চহৰৰ বিঅচিত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ গোৱালপাৰা টাউন কমিটিৰ সহযোগত তথা গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত সংগীত সম্ৰাট জুবিন গাৰ্গৰ ৫৩তম জন্ম দিৱস উপলক্ষে কেক কাটি জন্ম দিৱস উৎযাপন কৰাৰ লগতে প্ৰানৰ শিল্পী গৰাকীৰ প্ৰতিছবিত মাল্যৰ্পনৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


শিল্পী গৰাকীৰ জন্ম দিৱস তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে গৰীয়া জাতীয় পৰিষদৰ জিলা সভাপতি চাহাবুল ইছলাম, টাউন কমিটিৰ উপদেষ্টা তথা অধিবক্তা শ্বৰীফা ইয়াছমিনৰ লগতে জিলা খনৰ বিভিন্ন বিষয়ববীয়া সমুহ।
কেৱল সেয়াই নহয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তথা জন্ম দিন পালন কৰা ঠাইৰ পৰা গৰীয়া জাতীয় পৰিষদ গোৱালপাৰা জিলা সমিতিৰ ফালৰ পৰা মৰমৰ শিল্পী গৰাকীৰ ৰহস্য জনক মৃত্যুৰ ন্যায় সন্দৰ্ভত দাবী উত্থাপন কৰে ।

Related Articles