২৬ ফেব্ৰুৱাৰী অৰ্থাৎ কালি দেশৰ নিৰ্বাচন আয়োগে অসমকে ধৰি পাঁচৰাজ্য ক্ৰমে তামিলনাডু, পুডুচেৰী, কেৰালা আৰু পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।দিল্লীত কেন্দ্ৰীয় নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই সম্বোধন কৰা সংবাদমেলত অসম বিধানসভা নিৰ্বাচন তিনিটা পৰ্যায়ত হ’ব বুলি জানিবলৈ দিয়ে ।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২৭ মাৰ্চত, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ১ এপ্ৰিলত আৰু তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব। ১২খন জিলাৰ ৪৭টা সমষ্টিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ৯ মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১২ মাৰ্চ ধাৰ্য কৰা হৈছে।
১৩খন জিলাৰ ৩৯টা সমষ্টিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ১২ মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৭ মাৰ্চ ধাৰ্য কৰা হৈছে।
১২খন জিলাৰ ৪০টা সমষ্টিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ১৯ মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২২ মাৰ্চ ধাৰ্য কৰা হৈছে।
ফলাফল ঘোষণা কৰা হ’ব ২ মে’ত।