(World Children’s Day 2025) আজি বিশ্ব শিশু দিৱস। আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰতি বছৰে ২০ নৱেম্বৰত পালন কৰা হয় বিশ্ব শিশু দিৱস ৷ ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হৈছিল সাৰ্বজনীন শিশু দিৱস হিচাপে ৷
বহু দেশে ইয়াক স্বীকৃতি প্ৰদান কৰিছিল ৷ ১৯৫৯ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে শিশু অধিকাৰ সম্পৰ্কীয় চুক্তিখন গ্ৰহণ কৰে ৷ ইয়াৰ পাছৰে পৰা প্ৰতি বছৰে ২০ নৱেম্বৰৰ দিনা বিশ্ব শিশু দিৱস উদযাপন কৰা হয় ৷
প্ৰতিটো শিশুৱে সুৰক্ষা, সমৰ্থন আৰু ন্যায্য সুযোগৰ যোগ্য বুলি বিশ্বজনীন সোঁৱৰণী হিচাপে প্ৰতি বছৰে ২০ নৱেম্বৰত বিশ্ব শিশু দিৱস পালন কৰা হয়।
অৱশ্যে জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকী উপলক্ষে ভাৰতে ১৪ নৱেম্বৰত শিশু দিৱস পালন কৰে।

