বিশ্ব অনুজীৱ প্ৰতিৰোধী দিৱস উপলক্ষে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান, মিৰ্জাৰ গুৰুত্বপূৰ্ণ সজাগতা সভা

বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছে যে ২০৫০ চনৰ ভিতৰত কেন্সাৰ মহামাৰীত যিমান মানুহৰ মৃত্যু হ’ব, তাতোকৈ অধিক মানুহৰ মৃত্যু হ’ব এন্টাবাইটিক ঔষধ সেৱনৰ ফলত। ১৯২৮ চনত এন্টিবাইটিক ঔষধ আৱিষ্কাৰ হোৱাৰ এশ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে আমি ইয়াৰ বিপজ্জনক দিশৰ ওপৰত আজি অসহায় হৈ আলোচনা কৰিবলৈ বাধ্য হৈছোঁ। আমি ৰোগ প্ৰতিৰোধী ঔষধ সেৱনৰ ক্ষেত্ৰত সচেতন নহয়, ফাৰ্মাচিষ্ট এগৰাকীয়ে তাৎক্ষণিকভাৱে ৰোগৰ পৰা উপশম পাবলৈ দিয়া ঔষধ সেৱনৰ ফলত আমি শৰীৰত মাৰাত্মক ৰোগক প্ৰশ্ৰয় দি আহিছোঁ। লগতে আৱশ্যক অনুযায়ী ঔষধ সেৱন নকৰি আধাতে সামৰি শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা ক্ৰমাগত ভাৱে হ্ৰাস কৰাত নিজে নিজে অৰিহণা যোগাই আহিছোঁ। সেয়ে অণুজীৱৰ সৈতে আগন্তুক সময়ত মানৱ জাতিৰ এখন বিশ্ব মহাযুদ্ধ হোৱাৰ সম্ভাৱনা নিশ্চিত । এই সম্পৰ্কত বহুল প্ৰচাৰ আৰু সজাগতা অবিহনে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় নাই। আজি এইদৰে এখন অতি গুৰুত্বপূৰ্ণ অনুজীৱ প্ৰতিৰোধী সজাগতা সভাত এইদৰে বক্তৃতা প্ৰদান কৰে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান, মিৰ্জাৰ ডীন তথা সু লেখক ড০ ভাৰ্গৱজ্যোতি চহৰীয়াই। তেওঁ লগতে কয় যে আমি বহু সময়ত নিজে নিজৰ চিকিৎসা কৰোঁ। এইদৰে চিকিৎসা কৰা মানে, আত্মহত্যা কৰা। চিকিৎসকৰ পৰামৰ্শ অবিহনে এন্টিবাইটিক ঔষধ সেৱন কৰা শৰীৰৰ বাবে মাৰাত্মক পৰিঘটনা বুলি উল্লেখ কৰি ড০ ভাৰ্গৱজ্যোতি চহৰীয়াই সকলোকে সহজে এন্টিবাইটিক ঔষধ সেৱন নকৰিবলৈ অনুৰোধ জনায়। উল্লেখ্য যে ১৮ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ ‘বিশ্ব অনুজীৱ প্ৰতিৰোধী দিৱস’ সমগ্ৰ বিশ্বতে আৰম্ভ হৈছে। এই উপলক্ষে আজি নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান, মিৰ্জাৰ উদ্যোগত বিশ্ব অনুজীৱ প্ৰতিৰোধী দিৱস কালি অৰ্থাৎ ১৯ নৱেম্বৰৰ পৰা শৈক্ষিক প্ৰতিষ্ঠানখনে আয়োজন কৰি আজি এখন সজাগতা সভা অনুষ্ঠিত কৰে।

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ ড্ৰাগছ নিয়ন্ত্ৰক আৰু অনুজ্ঞাপত্ৰ বিষয়া বিশ্বজিৎ তালুকদাৰে। মুখ্য অতিথি তথা ড্ৰাগছ নিয়ন্ত্ৰক বিশ্বজিৎ তালুকদাৰে তেওঁৰ ভাষণত কয় – চিকিৎসকৰ নিদান পত্ৰ নাথাকিলে কোনো ফাৰ্মাচিষ্ট তথা ফাৰ্মাচিৰ দোকানীয়ে নিজৰ বিশ্বাস আৰু নীতি নিৰ্দেশনা বিসৰ্জন দি ঔষধ, বিশেষকৈ এন্টিবাইটিক ঔষধ বিক্ৰী কৰিব নালাগে। চিকিৎসক সকলেও অপ্ৰয়োজনীয় ভাৱে এন্টাবাইটিক ঔষধ সেৱন কৰিবলৈ ৰোগীক উৎসাহিত নকৰিবলৈ তেওঁ আহ্বান জনায়। সভাত নেমকেয়াৰ হাস্পতালৰ জীৱাণুতত্ব বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ মেঘণা গগৈয়ে নিজৰ ভাষণত কয় – এন্টিবাইটিক অনুজীৱবোৰেও আত্মৰক্ষাৰ পদক্ষেপ গ্ৰহণ কৰি মানৱ শৰীৰত দীৰ্ঘজীৱী হ’বলৈ শিকিছে। গতিকে, আমি অতি সাৱধান নহ’লে অনুজীৱৰ পৰা প্ৰতিৰক্ষা পাবলৈ সক্ষম হ’ব নোৱাৰিম। অতি আৱশ্যক নহ’লে এন্টিবাইটিক ঔষধ সেৱন কৰিব নালাগে বুলি খোদ এগৰাকী চিকিৎসকে দিয়া উপদেশ সভাত উপস্থিত থকা বিভিন্ন শ্ৰেণীৰ লোকে হৃদয়ঙ্গম কৰা পৰিলক্ষিত হয়।

স্বাস্থ্য সম্পৰ্কীয় এই সজাগতা সভাখনত আন কেবাজনো অতিথি বিশেষকৈ জালুকবাৰীত থকা অসম চৰকাৰৰ ড্ৰাগছ পৰীক্ষা গৱেষণাগাৰৰ ভাৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি শৰ্মা, কামৰূপ গ্ৰাম্য জিলাৰ ড্ৰাগছ পৰিদৰ্শক শ্যামালেন্দু নাথ, কামৰূপ মহানগৰ জিলাৰ ড্ৰাগছ পৰিদৰ্শক কুৰী কিৰণ হাজৰিকা, চন্দ্ৰ ভট্টাচাৰ্য, গুৱাহাটীৰ ড্ৰাগছ হেড কোৱাৰ্টাৰৰ ড্ৰাগছ পৰিদৰ্শক জাহ্নু বৰা, নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান মিৰ্জাৰ নাৰ্চিং বিজ্ঞানৰ অধ্যক্ষা ডা: অকোইজাম মমতা দেৱী, অধ্যাপিকা সুকৃতি দাস আদিয়ে অংশগ্ৰহণ কৰি এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়। উল্লেখ্য যে কালি এই উপলক্ষে অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতা, পোষ্টাৰ প্ৰতিযোগিতাৰ বিজয়ী শিক্ষাৰ্থীসকলক এই সভাত সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰমাণ পত্ৰ আৰু পুৰস্কাৰ বিতৰণ কৰে মুখ্য অতিথি তথা বিশিষ্ট ব্যক্তিসকলে। সভাৰ শেষৰফালে উক্ত বিষয়ক এখন একাংকিকা নাট প্ৰদৰ্শন কৰে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান মিৰ্জাৰ ছাত্ৰ ছাত্ৰীয়ে। এই অনুষ্ঠানত বিশেষ ভাৱে সহযোগিতা আগবঢ়াই শৈক্ষিক প্ৰতিষ্ঠানখনৰ উপ পজ্ঞীয়ক বিক্ৰম কাশ্যপৰ লগতে শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলে। শেষত শলাগৰ শৰাই আগবঢ়াই শৈক্ষিক প্ৰতিষ্ঠানখনৰ উপ পজ্ঞীয়ক ড০ অপূৰ্ব তালুকদাৰে।

Related Articles