ডুবাইত সংঘটিত (Namansh Syal) হৈছে এক ভয়াৱহ ঘটনা৷ এয়াৰ শ্ব’ৰ সময়তে দুৰ্ঘটনাত পতিত হয় ভাৰতীয় বায়ু সেনাৰ তেজছ বিমান৷ এই ঘটনাত বিমানখনৰ পাইলট মৃত্যু হয়৷ উল্লেখ্য, এয়াৰ শ্ব’ত প্ৰদৰ্শনৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় ভাৰতৰ যুঁজাৰু বিমান তেজছ৷ ভাৰতীয় বায়ুসেনাই এই ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে৷
এই বিবৃতিযোগে বায়ুসেনাই ডুবাই এয়াৰ শ্ব’ত ভাৰতীয় বায়ুসেনাৰ এখন তেজছ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি উল্লেখ কৰে৷ বিমানখনে উপস্থিত লোকসকলৰ সমুখত কলা প্ৰদৰ্শন কৰি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা৷
এই শোকাৱহ দুৰ্ঘটনাত বিমানখনৰ পাইলটৰ মৃত্যু হয়৷ জানিব পৰা মতে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ২.১০ বজাত বিমানখনে দৰ্শকৰ সমুখত কলা প্ৰদৰ্শন কৰি থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত জৰুৰীকালীন দল উপস্থিত হৈ উপস্থিত লোকসকলক নিৰাপদে আঁতৰাই নিয়ে৷ সমবেত লোকসকলৰ মাজত যথেষ্টসংখ্যক শিশুও উপস্থিত আছিল৷
উদ্ধাৰকাৰী দলে তাৎক্ষণিকভাৱে এই লোকসকলক নিৰাপদে আঁতৰাই নি শংকামুক্ত কৰে৷ লক্ষণীয়ভাৱে বৃহস্পতিবাৰে ডুবাই এয়াৰ শ্ব’ সন্দৰ্ভত এক ভিডিঅ’ ভাইৰেল হৈছিল৷ এই ভিডিঅ’টোত তেজছ বিমানত তেল লিক হোৱা বুলি দাবী কৰা হৈছিল৷ এনে দাবীৰ মাজতে শেহতীয়া অঘটনটো সংঘটিত হয়৷
ডুবাই তেজছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নমাংশ ছায়ালৰ অন্তিমটো ভিডিঅ’ এয়া।

