নগাঁও জিলাৰ অন্তৰ্গত ৭ টা বিধান সভা সমষ্টিৰ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। সেই অনুসৰি, প্ৰথম পৰ্যায়ত হ’বলগা নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰি, ৰূপহীহাট, ধিং আৰু বটদ্ৰৱা এই চাৰিটা বিধান সভা সমষ্টিত নিৰ্বাচনৰ আনুষ্ঠানিক অধিসুচনা অহা ২ মাৰ্চত জাৰি কৰা হ’ব বুলি নগাঁও জিলা উপায়ুক্ত তথা ৰিটাৰ্নিং বিষয়া কবিথা পদ্মনাভৱনে আজি সন্ধিয়া আয়োজন কৰা এক সংবাদ মেলত এই তথ্য সদৰি কৰে । উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৯ মাৰ্চ। ১০ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। ১২ মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ শেষ দিন। উল্লেখিত চাৰিটা সমষ্টিত ২৭ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে, নগাঁও নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত দ্বিতীয় পৰ্যায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগা সমষ্টি কেইটা ক্ৰমে নগাঁও সদৰ, ৰহা আৰু বঢ়মপুৰ সমষ্টিৰ নিৰ্বাচনৰ বাবে ৫ মাৰ্চত আনুষ্ঠানিক অধিসুচনা জাৰি কৰা হ’ব। ১২ মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ১৫ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ লগতে ১৭ মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। আনহাতে ১ এপ্ৰিলত উল্লেখিত তিনিটা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। উপায়ুক্ত গৰাকীয়ে জনোৱা মতে, নগাঁও জিলাৰ উল্লেখিত ৭টা বিধান সভা সমষ্টিত ১৫২০টা ভোট গ্ৰহণ কেন্দ্ৰ আৰু ৩৮০ টা অতিৰিক্ত ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব। লগতে তেওঁ জানিবলৈ দিয়ে যে যিবিলাক কেন্দ্ৰত এহেজাৰতকৈ অধিক ভোটাৰ থাকিব, সেই এলেকাত অতিৰিক্ত ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব। নিৰ্বাচন আয়োগে দিয়া সকলো নিৰ্দেশনা সকলোৱে মানি চলিব লাগিব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে এই সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ লগত আলোচনা কৰা হৈছে। ইপিনে, কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়াৰ অন্তৰ্গত কলিয়াবৰ বিধান সভা সমষ্টিত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। সংবাদমেলত জিলা উন্নয়ন আয়ুক্ত হেমন্ত ভূঞাৰ লগতে কেইবা গৰাকী অতিৰিক্ত উপায়ুক্ত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈ উপস্থিত থাকে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হঠাৎ কি হ’ল ৰাঘৱ চাড্ডাৰ! ৰাঘৱ চাড্ডাই হেৰুৱাব পাৰে দৃষ্টিশক্তি…
- “খনিকৰ পুথি”ৰ বিষয়ে জানক…
- নিৰ্বাচনৰ আগদিনা বৰষুণ আহিলে ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে হাতী; চৰকাৰৰ মুখলৈ বাট নাচাই ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে পথ-দলং…
- মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, শিৱসেনাৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে এই অঘটন…
- ৰাজনৈতিক দলসমূহে ভোটাৰক প্ৰলোভিত কৰা বিজ্ঞাপন প্ৰকাশত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ…
- শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ…
- ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে…
- Oppo গ্ৰাহকসকলৰ বাবে এক ভাল খবৰ ! ভিয়েটনামত ‘A’ ছিৰিজৰ সৈতে OPPO A60 স্মাৰ্টফোন মুকলি…
- জামুগুৰিহাটত গঁড়ৰ খৰ্গসহ চোৰাং চিকাৰীক আটক…
- বিপিএফৰ ১৭ বছৰীয়া ক’লা শাসনৰ কাৰণে কোকৰাঝাৰখন পিছ পৰি ৰৈছেঃ মন্ত্ৰী পীয়ূষ হাজৰীকা…