ঐতিহাসিক মুহূৰ্তৰ সাক্ষী অসম: বিধানসভাত পাৰিত বহু বিবাহ প্ৰতিৰোধ বিধেয়ক । Dr. Himanta Biswa Sarma

Dr. Himanta Biswa Sarmaঐতিহাসিক মুহূৰ্তৰ সাক্ষী অসম: বিধানসভাত পাৰিত বহু বিবাহ প্ৰতিৰোধ বিধেয়ক

অসমবাসী বৃহস্পতিবাৰে সাক্ষী হ’ল এগৰাকী ঐতিহাসিক সিদ্ধান্তৰ। অসম বিধানসভাৰ শীতকালীন অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা বহু বিবাহ প্ৰতিৰোধ বিধেয়ক সদনত বহুবিতৰ্ক আৰু দীৰ্ঘ আলোচনা পিছত শেষত পাৰিত হ’ল।

সদনত শাসক-বিৰোধীৰ মাজত বিধেয়কখন লৈ তীব্ৰ বিতৰ্ক হয়। কিন্তু সকল বিতৰ্কৰ অন্তত বিধেয়কখন সংখ্যাগৰিষ্ঠতাই পাৰিত হয়। বিধেয়ক পাৰিকৰণৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত নাতিদীৰ্ঘ কিন্তু প্ৰভাৱশালী ভাষণ প্ৰদান কৰে।

মুখ্যমন্ত্ৰীৰ বক্তব্য

বহুবিবাহ প্ৰতিৰোধ বিধেয়ক সমৰ্থন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়—

  • “মই নিবিচাৰোঁ মোৰ ছোৱালীয়ে ২১ বছৰ বয়সত বিশ্ববিদ্যালয়ত পঢ়িব লাগিব আৰু কোনো ছোৱালীয়ে ১৫ বছৰ বয়সতে বিয়াৰ বলি হ’ব।”
  • তেওঁ উল্লেখ কৰে যে অসমত বহুবিবাহ প্ৰথা প্ৰায় বন্ধ হোৱাৰ দিশলৈ আগবাঢ়িছে, কিন্তু সমাজৰ বহু অংশত এতিয়াও শিশুবিৱাহ আৰু বহুবিবাহ দৃষ্টিগোচৰ হয়।

মুখ্যমন্ত্ৰীয়ে বিৰোধীক উদ্দেশ্যে মন্তব্য কৰি কয়, “বিৰোধীয়ে কয় এই কাম আমি ৰাজনীতিৰ বাবে কৰিছোঁ, কিন্তু এই ৰাজনীতি নিপীড়িত আৰু নিষ্পেষিত societyr বাবে।”

তেওঁ সদনত উল্লেখ কৰে যে বহুবিবাহৰ বিৰোধিতাত ভাষণ দিয়া প্ৰত্যেকজন মুছলমান বিধায়ক পুৰুষ, যেতিয়া বহু ঠাইত ৬৫–৭০ বছৰ বয়সী পুৰুষে ১৫–১৬ বছরীয়া ছোৱালীক বিবাহ কৰে। লগতে তেওঁ স্পষ্ট কৰে—

  • “হিন্দু সমাজো বহুবিবাহৰ পৰা মুক্ত নহয়। হিন্দুৰ বহুবিবাহ বন্ধ কৰাৰ দায়িত্বো আমাৰ।”

মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট বক্তব্য—

  • বহুবিবাহ বন্ধ হ’ব হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো ধর্মীয় সমষ্টিৰ মাজতে
  • ষষ্ঠ অনুসূচীভুক্ত অঞ্চলসমূহৰ বিষয়ে মুখ্যমন্ত্ৰী কয় যে এই অঞ্চলসমূহৰ স্বায়ত্তশাসিত ক্ষমতাৰ কাৰণে তেওঁলোকৰ অনুমতি বা স্বতন্ত্ৰ আইনৰো প্ৰয়োজন হ’ব।
  • BTR, কাৰ্বি আংলং, ডিমাহাছাও আদি অঞ্চলৰ জনজাতীয় সমাজৰ সংবেদনশীলতা বুজি চলিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

মেহতা কমিটীৰ প্ৰতিবেদন

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে—

  • ২০২৩ চনৰ ১২ মে অনুষ্ঠিত উচ্চ ন্যায়ালয়ৰ আদেশ অনুসৰি গঠিত কমিটীয়ে ৰাইজৰ পৰা মতামত সংগ্ৰহ কৰিছিল।
  • উল্লেখযোগ্যভাৱে, বহুবিবাহ সমৰ্থনত কেৱল দুটা পত্ৰ আহিছিল।

এই তথ্যই দেখুৱাইছে যে সমাজৰ বৃহৎ অংশই বহুবিবাহ প্ৰথা বন্ধ হোৱাৰ পক্ষে মতামত প্ৰকাশ কৰিছে।

শেষত মুখ্যমন্ত্ৰীয়ে আত্মবিশ্বাস প্ৰকাশ কৰি কয়—
“পশ্চিম বংগত যি কাম কৰিব নোৱাৰি, অসমত সেই কাম বহু বেছি সফলতাৰে কৰিব পাৰি।”

এই সিদ্ধান্তে অসম সমাজত এক নতুন যুগৰ দ্বাৰ উন্মোচন হ’ল বুলি বিশেষজ্ঞ মহলে মত প্ৰকাশ কৰিছে।

Related Articles