মঙলদৈত (Mangoldoi News) পেলনীয়া সমগ্ৰীৰে বাদ্যযন্ত্ৰ বজায় সামাজিক মাধ্যমত ভাইৰেল হ’ল এগৰাকী শিশু। পাকঘৰৰ সমগ্ৰীয়ে হওক বা বাথৰুমৰ বাল্টিয়ে হওঁক অথবা পেলনীয়া সামগ্ৰী, যি হলেও বাদ্যযন্ত্ৰ হিচাবে লৈ আৰম্ভ কৰে সংগীতৰ অনুষ্ঠান। জুবিন গাৰ্গৰ গীত আওৰাই সুন্দৰকৈ বজায় যায় বাদ্যযন্ত্ৰ।
মঙলদৈ তামুলীপাৰাৰ প্ৰিয়াংশু সিং নামৰ পঞ্চম মান শ্ৰেণীৰ ছাত্ৰ জনৰ এনে প্ৰদৰ্শিতাকলৈ সকলোৱে আচৰিত হৈছে।
তবলাৰ আনুষ্ঠানিক শিক্ষা লৈছিল হে মাথো কিন্তু এতিয়া প্ৰিয়াংশু ই সুন্দৰকৈ টিন, গেলান, বাল্টি, কাঁহী, বাতি লৈ বজায় গৈছে বাদ্য।
পুত্ৰৰ এনে পাৰদৰ্শিতা দেখি পিতৃ মুন সিং আৰু মাতৃ টুটুমনি ডেকা সিঙে পুত্ৰক তবলা শিকিবৰ বাবে নাম লগাই দিলে।
তবলা শিকি থাকোঁতেও প্ৰিয়াংশুৰ আগ্ৰহ ড্ৰাম বজোৱাতহে বেছি। সেয়েহে এইবাৰ গুৱাহাটীত ড্ৰাম বজোৱাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ কথা ভাবিছে পৰিয়ালে। ডাঙৰ হ’লে এজন বাদ্যযন্ত্ৰী শিল্পী হোৱাৰ হেঁপাহ বুকুত বান্ধি জুবিন গাৰ্গৰ গীত গায় টিন, বাল্টি, কাঁহী ,বাতিৰে নিৰ্মিত ড্ৰাম ছেট বজাই আজৰি পৰত ব্যস্ত থাকে প্ৰিয়াংশু। সেই দৃশ্য মাকে সামাজিক মাধ্যমত প্ৰচাৰ কৰাত সামাজিক মাধ্যমত হৈ পৰে কিশোৰগৰাকী। আমিও কিশোৰ গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।

