অসমৰ(Tarun Bora) সত্ৰীয়া সংস্কৃতিৰ সাধক তৰুণ বৰা বৰবায়নৰ দেহাৱসান। তিতাবৰৰ শশীকুল সংগীত বিদ্যালয় আৰু শ্ৰীগুৰু সংগীত বিদ্যালয়ৰ অধ্যক্ষ আছিল তৰুণ বৰা বৰবায়ন। তিতাবৰ মিলন নগৰ নিবাসী তৰুণ বৰা বৰবায়নৰ মঙ্গলবাৰে সন্ধ্যা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত হঠাৎ শেষ নিশ্বাস ত্যাগ কৰে। সুদীৰ্ঘ দিন সত্ৰীয়া সংস্কৃতিৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰা বিশিষ্ট শিল্পীগৰাকীৰ বিয়োগত তিতাবৰত শোকৰ ছাঁ পৰে।
আজি পুৱা তিতাবৰৰ মিলন নগৰত সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীৰ নশ্বৰ দেহত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে তিতাবৰৰ শ্ৰীশ্ৰী কমলাবাৰী সত্ৰলৈ নিয়াৰ পিছত সত্ৰখনতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব। সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীৰ বিয়োগত ঠেঙ্গাল কছাৰী স্বায়ত্বশাসিত পৰিষদ, অসম’ৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী, তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ উপৰিও বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা শুভাকাঙ্খীসকলে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

