শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মৰনাকুৰি গাঁৱত “মৰনাকুৰি জ্ঞানজ্যোতি ক্ৰিকেট ক্লাৱে” আয়োজন কৰা যোৱা ২৬ ফেব্ৰুৱাৰীপৰা ২৮ ফেব্ৰুৱাৰীলৈকে তিনিদিনিয়াকৈ অনুষ্ঠিত কৰা দিবা-নৈশ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগীতাখনিত শোণিতপুৰ, বিশ্বনাথ, নগাওঁ জিলাকে ধৰি কেইবাখনো জিলাৰ অৰ্ধশতাধিক ক্ৰিকেট দলে অংশ গ্ৰহন কৰে।এসময়ত পথাৰৰ নৰা টুলি গাওঁ খনৰ উদীয়মান যুৱক সকলে কষ্ট কৰি একক ভাৱে অনুষ্ঠিত কৰি অহা এই ক্ৰিকেট প্ৰতিযোগীতা খনি একেধাৰে এইদৰে ১৫ বছৰ ধৰি অনুষ্ঠিত কৰিবলৈ পাই গাঁওখনৰ সকলো যুৱক সন্তুষ্ট বুলিও জানিবলৈ দিয়ে জ্ঞানজ্যোতি ক্লাৱৰ সভাপতি ধৰ্মেশ্বৰ হাজৰিকা আৰু সম্পাদক মুনুল শইকীয়াই৷চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ফিটা কাটি শুভ উদ্বোধন কৰা প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগীতাখনিত বিধায়কগৰাকীয়ে জ্ঞানজ্যোতি সংঘৰ খেলপথাৰ খনক এবছৰৰ ভিতৰত এখন আৰ্কষণীয় মিনি ষ্টেডিয়ামৰ ৰূপত গঢ়ি তোলাৰো প্ৰতিশ্ৰুতি দিয়ে ।জ্ঞানজ্যোতি সংঘই অায়োজন কৰা দিপাঙ্কৰ হাজৰিকা সোঁৱৰণী প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা খনত অৰ্ধশতাধিক দলৰ ভিতৰত বিশ্বনাথ চাৰিআলিৰ ক্ৰিকেট ক্লাৱ আৰু জ্ঞানজ্যোতি ক্ৰিকেট ক্লাৱৰ মাজত চুড়ান্ত খেল খন অনুষ্ঠিত হয়।প্ৰতিযোগীতাখনত বিশ্বনাথ চাৰিআলি “ৰুমু ইলেভেন” টিম বিজয়ী হোৱাৰ বিপৰিতে মেন অফ দা মেচ চাৰিআলিৰ দিপ্লুয়ে,মেন অফ দা চিৰিজ বিশ্বনাথ চাৰিয়ালিৰ বিজিতে আজুৰি নিবলৈ সক্ষম হয় ।উল্লেখ্য যে প্ৰতিযোগীতাখনিৰ প্ৰথমাৰ্ধত আদৰণি ভাষণ আগবঢ়ায় যুৱ সমাজকৰ্মী প্ৰসন্ন শইকীয়াই ৷প্ৰতিযোগীতাখনিতা বিজয়ী দলটিক নগদ ২৫ হেজাৰ সহ দিপাঙ্কৰ হাজৰিকা সোঁৱৰণী ট্ৰফী আৰু দ্বিতীয় শ্ৰেষ্ঠ দলটিকো দিপাঙ্কৰ হাজৰিকা সোঁৱৰনী ট্ৰফীৰ লগতে পোন্ধৰ হাজাৰ টকা নগদ ধনৰে পুৰস্কৃত কৰা হয় ৷ দিপাঙ্কৰ হাজৰিকাৰ পৰিয়ালৰ হাতেদি চূড়ান্ত খেলৰ বটাঁ বিতঁৰণ কৰা অনুষ্ঠানটিৰ অাঁত ধৰে ধৰ্মেশ্বৰ হাজৰিকাই ৷উল্লেখ্য যে এই প্ৰতিযোগিতা খন আয়োজন কৰাৰ ক্ষেত্ৰত যি সকলে শাৰিৰীক, মানসিক আৰু আৰ্থিক ভাৱে সহযোগিতা আগবঢ়ালে সেই সকলৰ লগতে মৰনাকুৰি গাৱৰ সমুহ বাসিন্দাক ধন্যবাদ জনাই আয়োজক কমিটিয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…