Dhekiajuli News: ঢেকিয়াজুলীত লেখক-সাংবাদিক হৰেণ ভূমিজৰ প্ৰবন্ধ সংকলন ‘সমাজ ধৰ্ম আৰু ঐতিহ্যৰ অনুসন্ধান’ শীৰ্ষক গ্ৰন্থখন উন্মোচন

অসমীয়া জাতিয়ে(Dhekiajuli News) জুবিন গাৰ্গক ভগৱান হিচাপে নিৰ্মাণ কৰিছে। অৰুণ চাচনিৰ উপাধিটো সলনি কৰি অৰুণ গাৰ্গ কৰি দিয়াটোৱেই চাহ জনগোষ্ঠীক জুবিন গাৰ্গে প্ৰদান কৰা অন্যতম উপহাৰ। বৃহস্পতিবাৰে সন্ধিয়া শোণিতপুৰৰ ঢেকিয়াজুলীত লেখক-সাংবাদিক হৰেণ ভূমিজৰ প্ৰবন্ধ সংকলন ‘সমাজ ধৰ্ম আৰু ঐতিহ্যৰ অনুসন্ধান’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে কয়।

ভাষণ প্ৰসংগত তেওঁ লগতে কয় যে অৰুণ গাৰ্গে জুবিন গাৰ্গৰ মৃতদেহ কান্ধত লৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে; এয়াই জুবিন গাৰ্গৰ প্ৰাপ্তি, ব্যাপ্তি আৰু মহানতা। আজি লেখক সাংবাদিক তথা চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হৰেণ ভূমিজৰ গ্ৰন্থ উন্মোচন কৰি আমি সম্প্ৰীতিৰ শোভা উপভোগ কৰিছোঁ; আশা কৰোঁ গ্ৰন্থখনে পঢ়ুৱৈৰ অন্তৰ স্পৰ্শ কৰিব। অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক তথা অন্যতম উদ্যোগতা দুলাল নাথে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত বৰছলাৰ সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি শুকদেৱ অধিকাৰী, বিশিষ্ট সমাজকৰ্মী ভোলাৰাম ৰাউতীয়া, যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ বড়ো, ডুমডুমা আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ কৰুণা পাণ্ডা, অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, স্বজাতীয় মৈত্ৰীবন্ধন উপসমিতিৰ আহ্বায়ক ৰমেন ভৰালী, পৰিবেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভূৱন ছেত্ৰী, আটছাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মোহন তাঁতি, মিছামাৰী জিলা পৰিষদৰ সদস্য দুলুমণি বৰা, ঠেলামৰা জিলা পৰষদৰ সদস্য শিৱ চৰণ চাহু, যুৱনেতা বাটাছ ওৰাং, আদিবাসী কাউন্সিলৰ সদস্য দ্বীপেন নায়ক, ঢেকিয়াজুলী প্ৰেছ ক্লাৱৰ সভাপতি ভগৱান বৈশ্য, শ্বহীদ দ্বিজেন ভূঞা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গোলোক বৰা, শিক্ষক আব্দুল জলেল, আব্বাছ আলি, বিষ্ণুসিং ভূমিজ, কবি জ্যোৰ্তিময় বৰা, চিত্ৰশিল্পী ফাৰহান জাভেদ, ৰঙাপৰা প্ৰেছ ক্লাৱৰ সভাপতি পংকজ কুমাৰ নাথ, সম্পাদক ছাহিন আহমেদ, সাংবাদিক বগা তপ্ন, পবিত্ৰ দাস, বাৰ্তাজীৱি সংঘ শোণিতপুৰ জিলা সমিতিৰ সভাপতি নাৰায়ণ ফয়েল প্ৰমুখ্যে বহু সংখ্যক গণ্য মান্য ব্যক্তিয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে।

সভাত লেখক হৰেণ ভূমিজৰ অনুভৱৰ গুঞ্জন আৰু কবি শংকুসিদ্ধ নাথৰ ‘ভূপেন হাজৰিকা’ শীৰ্ষক স্বৰচিত কবিতা পাঠে অনন্য মাদকতা প্ৰদান কৰে।।

Related Articles