16 বছৰৰ তলৰ শিশুৱে এতিয়া ফেচবুক, টিকটক, ইনষ্টাগ্ৰামকে ধৰি বিশ্বৰ 10 টা বৃহৎ প্লেটফৰ্ম ব্যৱহাৰ কৰিব নোৱাৰিব ।আজি অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা অষ্ট্ৰেলিয়াত কাৰ্যকৰী হৈছে এই নতুন নিয়ম । নতুন আইন মানি চলিবলৈ বাধ্যতামূলক কৰা প্লেটফৰ্মসমূহৰ ভিতৰত আছে টিকটক, ইউটিউব আৰু মেটাৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লগতে থ্ৰেডছ, এক্স (পূৰ্বতে টুইটাৰ), স্নেপচ্যাট, কিক, টুইচ আৰু ৰেডিট ।
অষ্ট্ৰেলিয়া চৰকাৰে কয় যে এই নিষেধাজ্ঞাৰ জৰিয়তে কিশোৰ-কিশোৰীসকলক অনলাইনত ক্ষতিকাৰক বিষয়বস্তুৰ পৰা ৰক্ষা কৰাৰ যত্ন কৰা হৈছে । ফেচবুক, ইউটিউব, টিকটককে ধৰি তালিকাভুক্ত সকলো প্লেটফৰ্মে এতিয়া নাবালক ব্যৱহাৰকাৰীক আঁতৰোৱাৰ ব্যৱস্থা ৰূপায়ণ কৰিবলৈ সন্মত হৈছে । ইল’ন মাস্কৰ এক্সেও নিশ্চিত কৰিছে যে ই অষ্ট্ৰেলিয়াৰ নতুন আইন মানি চলিব ।
Discord, Google Classroom, Messenger, GitHub, WhatsApp, Lego Play, Steam, Roblox আৰু YouTube Kids আদি প্লেটফৰ্ম বৰ্তমান এই নিষেধাজ্ঞাৰ অন্তৰ্ভুক্ত নহয় । অৱশ্যে অষ্ট্ৰেলিয়া চৰকাৰৰ ই-নিৰাপত্তা বিষয়াগৰাকীয়ে উল্লেখ কৰে যে কিছুমান প্লেটফৰ্ম এতিয়াও বিবেচনাৰ অধীনত আছে, ইয়াৰ পৰা বুজা যায় যে চূড়ান্ত তালিকাখন পৰৱৰ্তী সময়ত সলনি হ’ব পাৰে ।
এই আইন বলৱৎ কৰিবলৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে একাউণ্টৰ বয়স আৰু প্ৰফাইল ফটোৰ পৰা বয়স অনুমান কৰাকে ধৰি বিভিন্ন স্তৰত বয়স সম্পৰ্কীয় সংকেত পৰীক্ষা কৰিব লাগিব । লগতে শিশুৰ কন্টেন্টৰ সৈতে পাৰস্পৰিক ক্ৰিয়া-কলাপ নিৰীক্ষণ কৰিব লাগিব ।
প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে ইয়াক গৌৰৱৰ দিন বুলি অভিহিত কৰি কয় যে অষ্ট্ৰেলিয়াই 16 বছৰৰ তলৰ লোকৰ বাবে ছ’চিয়েল মিডিয়া একাউণ্টৰ ওপৰত প্ৰথমটো বিশ্বব্যাপী নিষেধাজ্ঞা কাৰ্যকৰী কৰিছে ।

