নাজিৰাৰ গ্ৰামাঞ্চলত সম্প্ৰতি গো-পালক সকল মুখামুখি হৈছে গৰুৰ চবকা ৰোগৰ । মুখেৰে ফেনাই থকা, গোৰোহাত ঘাঁ আৰু সপ্তাহকাল জুৰি একো আহাৰ নোখোৱাকৈ পৰি ৰোৱা গৰুৰ ৰোগৰ এই পৰিস্থিতিত গো পালক সকল বিপদত পৰিছে । গড়আলি, ৰজাপোল, চকীমুখ, নিৰ্মলীয়া আদি অঞ্চল সমূহত দেখা দিয়া এই ৰোগৰ বাবে পশুধন ৰক্ষাৰ প্ৰাৰ্থনাৰে ভগৱানৰ ওচৰত ভোগৰ সঁফুৰা আগবঢ়োৱা পৰিলক্ষিত হৈছে । যোৱা নৱেম্বৰ মাহত চৰকাৰী পশু চিকিৎসা বিভাগে গ্ৰহণ কৰা এলানি টিকাকৰণ আঁচনিৰ জড়িয়তে চবকা ৰোগ প্ৰতিৰোধী ভেকচিন দিয়াৰ প্ৰক্ৰিয়াও সম্পন্ন কৰি গৰুক ৰোগমূক্ত কৰাৰ প্ৰয়াস কৰিছিল। ভেকচিন দিয়া গৰুবিলাকক কাণত এক হালধীয়া ফুলি সংযোগ কৰি দিয়া হৈছিল । সম্প্ৰতি ভেকচিন দিয়া গৰুৱেই চবকাত আক্ৰান্ত হৈ পৰাত সাধাৰণ গো-পালক সকলৰ মনত ভেকচিনৰ প্ৰতিও সংশয় প্ৰকাশ ঘটিছে আৰু ভেকচিনৰ বিৰুদ্ধে মন্তব্য কৰাও পৰিলক্ষিত হৈছে । সেয়েহে পশুপালন বিভাগে গুৰুত্ব সহকাৰে ৰোগৰ পৰিস্থিতি অধ্যয়ন কৰি নিৰাময়ৰ ব্যৱস্থা কৰাটো জৰুৰী হৈ পৰিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…