প্ৰতিশ্ৰুতি পুৰণ(Himanta Biswa Sarma) কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বকোত লগ পোৱা কুৰপান আলীক প্ৰদান কৰিলে ঘৰ। সোণতলীৰ বৰ আৰিকাটিৰ কুৰপান আলীৰ ঘৰ আনুষ্ঠানিকভাৱে উদ্বোধন। আনন্দত আত্মহাৰা কুৰপান আলীয়ে ক’লে-জীয়াই থকা লৈকে বিজেপি জিন্দাবাদ। কুৰপান আলীয়ে ৫ ডিচেম্বৰত বকোত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অৰুণোদয়, ঘৰ আৰু দমকল বিচাৰিছিল। আবেদনৰ পিছতে কুৰপান আলীক এসপ্তাহৰ ভিতৰত ঘৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে।মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পুৰণৰ পিছতে আনন্দত আত্মহাৰা হৈ পৰে কুৰপান আলী।
উল্লেখ্য যে এখন ভৰি আৰু এটা চকু নথকা কুৰপান আলীয়ে ৫ ডিচেম্বৰত বকোত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অৰুণোদয়, ঘৰ আৰু দমকল বিচাৰি কৰিছিল আবেদন। আবেদনৰ পিছতে কুৰপান আলীক এসপ্তাহৰ ভিতৰত ঘৰ, অৰুণোদয় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
ইতিমধ্যে কুৰপান আলীৰ নামত অৰুণোদয় আচঁনি হৈ যোৱাৰ পিছতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰৰ শুভ উদ্বোধন কৰা হয়। মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পুৰণৰ পিছতে আনন্দত আত্মহাৰা হৈ পৰে কুৰপান আলী। মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই জীয়াই থকা লৈকে বিজেপি জিন্দাবাদ দিব বুলি মন্তব্য কৰে কুৰপান আলীয়ে।

