স্বামীক বিচাৰি এগৰাকী (Darrang News) পত্নীৰ হিয়াভৰা কান্দোন। স্বামীক বিচাৰি হাবাথুৰি খাই ফুৰিছে এগৰাকী পত্নীয়ে। ধূলা আৰক্ষী থানাত এজাহাৰ দাখিল। বৰ্তমানলৈ পৰিয়ালে কোনো শুং সূত্ৰ পোৱা নাই স্বামী ছাইদুৰ ৰহমানৰ। দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত খাটনীয়াপাৰা গাওঁৰ ৰেজিনা বেগমৰ স্বামী ছাইদুৰ ৰহমানে যোৱা বৃষ্পতিবাৰৰ পৰা দিনৰ ০২:০০ বজাত পত্নীৰ ঘৰৰ পৰা নিজ ঘৰলৈ যাব বুলি ওলাই যায়।
কিন্তু আবেলি পত্নীৰ ঘৰলৈ উভতি নহাত বহু চিন্তাত পৰে পৰিয়ালৰ লোকে। বৰ্তমানলৈ পৰিয়ালৰলোকে কোনো শুং সূত্ৰ নাপালে স্বামী ছাইদুৰ ৰহমানৰ। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰি নাপাই উপায়ন্তৰ হৈ ধূলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। যদিহে কোনো সদাশয় ব্যক্তিয়ে স্বামী ছাইদুৰ ৰহমানক দেখা পাই অতি সোনকালে নিকটৱৰ্তী থানা অথবা 7099934828, 6002944677 নাইবা 9365339227 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে সমূহ অসমবাসীক কাতৰ অনুৰোধ জনায় ।

