Majuli News: উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস পালন

অসম সাহিত্য(Majuli News) সভাৰ অন্তৰ্গত মাজুলীৰ উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্যক্ৰমণিকাৰে দৰিয়াস্থিত চৰকাৰী পেঞ্চনাৰ ভৱনৰ প্ৰাংগনত অনুষ্ঠিত হয়। প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি অনুপ্ৰভা দেৱীয়ে। পতাকা উত্তোলন কৰি তেওঁ কয় যে আমাৰ এখনেই পতাকা আছে যাৰ তলত আমি সকলো জাতি-জনগোষ্ঠী সমভাৱে একত্ৰিত হৈ অসমীয়া ভাষা-সাহিত্যৰ সেৱাৰ নিৰন্তৰ সাধনাৰ শক্তি আহৰণ কৰিব পাৰোঁ, সেইখনেই হৈছে আমাৰ অসম সাহিত্য সভাৰ পবিত্ৰ পতাকা। দ্বিতীয় কাৰ্যসূচী অনুসৰি পুৱা ৮.৩০ বজাত স্মৃতি তৰ্পণ আৰু প্ৰতিষ্ঠাপক সম্পাদক স্বৰ্গীয় অমৰেন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ক্ৰমে উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ জ্যেষ্ঠ আজীৱন সভ্য দধি বৰুৱা আৰু মাজুলী জিলা সাহিত্য সভাৰ ধনভৰালী প্ৰণৱজিৎ মিশ্ৰই।

মুখ্য স্মৃতি তৰ্পক দধি বৰুৱাই শাখা সাহিত্য সভাখনৰ প্ৰতিষ্ঠাতাসকলক সুঁৱৰি কয় যে উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাই এগছি অক্ষয় বন্তিৰ দৰেই সাহিত্যৰ জগতখন আলোকিত কৰিব লাগিব। ইয়াৰ পিছতে শাখা সাহিত্য সভাৰ সভাপতি অনুপ্ৰভা দেৱীৰ সঞ্চালনাত শব্দ-শিল্পৰ মনোজ্ঞ অনুষ্ঠান ‘প্ৰভাত সন্মিলন’ৰ উদ্বোধন কৰে বিশিষ্ট সত্ৰীয়া শিল্পী মুহিকান্ত বৰা বৰবায়নে। উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক বিজয় শইকীয়াই আঁত ধৰা সন্মিলনখনত অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথে অংশগ্ৰহণ কৰি কয় যে সাহিত্য সভাক সৰ্বজনপ্ৰিয় কৰাৰ দায়িত্ব সভাৰ প্ৰতিজন হিতৈষী, আজীৱন, সাধাৰণ সভ্যই গ্ৰহণ কৰিব লাগিব। সমাজৰ সৰ্বস্তৰৰ জণগনক অসম সাহিত্য সভামুখী কৰাৰ মূল মাধ্যমেই হৈছে বিশ্বৰ ভিন্ন-ভিন্ন প্ৰান্তত সাহিত্য-সংগঠকসকলৰ প্ৰচুৰ কষ্ট আৰু সাধনাৰে প্ৰতিষ্ঠিত শাখা সাহিত্য সভাসমূহ ; সেইদৰে বৰ্তমান সময়ত মাজুলীৰ উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাই সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিছে ।

মাজুলী মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক বসন্ত বৰা, মাজুলী জিলা সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ আহ্বায়ক কৃষ্ণাৰাণী শইকীয়া বৰুৱা, ধনভৰালী প্ৰণৱজিৎ মিশ্ৰ, সমাজকৰ্মী দধি বৰুৱা, উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ উপসভাপতি কেশৱ বৰুৱা, সহকাৰী সম্পাদক জ্যোতি শইকীয়া প্ৰমুখ্যে বহুকেইজন সাহিত্য অনুৰাগীয়ে কথা-সুৰ-শব্দৰে অংশগ্ৰহণ কৰি মত-বিনিময় কৰা সভাখনৰ শেষত শলাগৰ শৰাই আগবঢ়াই শাখা সম্পাদক বিজয় শইকীয়াই। ইয়াৰ পিছতে শেষৰ কাৰ্যসূচী অনুসৰি সন্ধিয়া ৫ বজাত সামূহিক বন্তি প্রজ্বলন কৰা হ’ব।।

Related Articles