Tea and stress: অত্যাধিক চাহ-খোৱাটো মানসিক চাপৰ নিৰৱ সংকেত হ’ব পাৰে

ভাৰতৰ বহু (Tea and stress) লোকে দিনটোৰ আৰম্ভণিৰে পৰা চাহ খাই ভাল পায়। দিনটোত বহুবাৰ চাহ খালে বহু লোকৰ মন ভালে থাকে। কিন্তু আপুনি জানেনে যে বেছি চাহ খোৱাটো মানসিক চাপৰ নিৰৱ সংকেত হ’ব পাৰে?

ব্যস্ততাৰ জীৱনত চাহৰ প্ৰয়োজনীয়তা বহুত বেছি হৈ পৰিছে। বহুতৰে চাহৰ প্ৰতি হেপাহ ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে। অফিচত কামৰ চাপ বাঢ়িলেও বহুতে বহুবাৰ চাহৰ খায়। লাহে লাহে চাহ মানুহৰ দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছে। কিন্তু আপুনি কেতিয়াবা ভাবি চাইছেনে যে অত্যধিক চাহ খোৱাটো কেৱল অভ্যাসে নহয় বৰঞ্চ মানসিক চাপৰ নিৰৱ সংকেতও হ’ব পাৰে? সঘনাই চাহ খোৱাটো প্ৰায়ে শৰীৰৰ প্ৰয়োজন নহয় মনৰ চাহিদা আৰু এই কথা অতি কম সংখ্যক লোকেহে বুজি পায়।

চাহ আৰু মানসিক চাপ-
আমাৰ ব্যস্ততাপূৰ্ণ জীৱনশৈলীত মানসিক চাপ এটা সাধাৰণ শব্দ হৈ পৰিছে। কৰ্মৰ চাপ, সম্পৰ্কৰ জটিলতা, ভৱিষ্যতৰ চিন্তাৰ মাজত মানুহে নিজৰ মনটো ভালে ৰাখিবলৈ চাহ খায়। চাহ খালে মনৰ শান্তি পোৱা যায়। এই কাৰণেই চাহক মানসিক চাপৰ বাবে এক প্ৰকাৰৰ থেৰাপী যেন লাগে।

চাহত কেফেইন আৰু এল-থিয়ানিন নামৰ দুটা এমিনো এচিড থাকে যিয়ে মনক শান্ত কৰাৰ কাম কৰে।

কিন্তু বেছিকৈ চাহ খোৱাৰ ফলত শৰীৰত প্ৰভাৱ পৰাই নহয়, টোপনি নোহোৱা, অস্থিৰতা, এচিডিটি, হৃদস্পন্দন বৃদ্ধি আদি বিপজ্জনক পৰিণতিও হ’ব পাৰে। এই সকলোবোৰ লক্ষণে শৰীৰ আৰু মন দুয়োটা ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে। কিন্তু মানুহে সেইবোৰক আওকাণ কৰি আৰু চাহ একাপ খায়। যদি আপুনিও বাৰে বাৰে চাহ খাই সান্ত্বনা লয়, তেন্তে হয়তো আপোনাৰ মনটোৱে আন কিবা এটা কৈছে যিটো শুনাটো অতি প্ৰয়োজনীয়।

Related Articles