অশান্ত পশ্চিম কাৰ্বি আংলং: ৰেপিড এক্সন ফ’ৰ্চ মোতায়েন, হোজাই–কাৰ্বি আংলং সীমান্তত ব্যাপক প্ৰতিবাদ


২৪ ডিচেম্বৰ, বুধবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি বজাৰ এলেকাত সংঘটিত হিংসাত্মক ঘটনাত এজন যুৱকক জীৱিত অৱস্থাত জ্বলাই দিয়াৰ পিছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। এই হৃদয়বিদাৰক ঘটনাৰ প্ৰতিক্ৰিয়াত হোজাই–কাৰ্বি আংলং সীমান্তত বিশেষকৈ অ-কাৰ্বি লোকসকলৰ মাজত ব্যাপক প্ৰতিবাদ আৰম্ভ হয়, যাৰ ফলত সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধি পায়।

ভূমি সম্পৰ্কীয় প্ৰতিবাদক লৈ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি অঞ্চলত যোৱা দুদিন ধৰি অশান্তিপূৰ্ণ পৰিস্থিতি অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিশেষ সংঘাত নিৰ্মূলকাৰী বাহিনী ৰেপিড একচন ফ’ৰ্চ (RAF) মোতায়েন কৰা হৈছে। বুধবাৰে বিয়লি আৰ এ এফৰ ডেপুটি কমাণ্ডেণ্ট টি এন সিঙে জনোৱা মতে, আইন-শৃংখলা বজাই ৰাখিবলৈ খেৰণি আৰু কাষৰীয়া অঞ্চলসমূহৰ কৌশলগত স্থানত ২০০ৰো অধিক আৰ এ এফ জোৱান নিয়োগ কৰা হৈছে। তেওঁ কয় যে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও যিকোনো অপ্ৰত্যাশিত ঘটনা ৰোধ কৰিবলৈ বাহিনী সষ্টম হৈ আছে।

পেছাদাৰী গ্ৰেজিং ৰিজাৰ্ভ আৰু ভিলেজ গ্ৰেজিং ৰিজাৰ্ভৰ মাটিৰ পৰা কথিত বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবীত কাৰ্বি জনজাতীয় সংগঠনৰ একাংশই চলোৱা প্ৰতিবাদৰ মাজতেই এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে। আন্দোলনৰ সময়ত খেৰণি আৰু কাষৰীয়া এলেকাত কেইবাখনো দোকান, বাসগৃহ আৰু অন্যান্য প্ৰতিষ্ঠানত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। লগতে ডংকামোকামত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পূৰ্বপুৰুষৰ বাসগৃহো লক্ষ্য কৰি লোৱা বুলি তথ্য পোৱা গৈছে।

পৰিস্থিতিৰ অৱনতি ঘটাত জিলা প্ৰশাসনে নিষেধাজ্ঞামূলক আদেশ জাৰি কৰাৰ লগতে সমগ্ৰ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত মোবাইল ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়ে। স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ লক্ষ্যৰে আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীৰ অতিৰিক্ত দল ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হয়। চৰকাৰী সূত্ৰ অনুসৰি, বিগত দুদিন ধৰি সংঘটিত সংঘৰ্ষত কমেও দুজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছে, যদিও বৰ্তমানলৈ নতুন কোনো হিংসাত্মক ঘটনাৰ খবৰ পোৱা নাই।

হোজাই–কাৰ্বি আংলং সীমান্তত উত্তাল প্ৰতিবাদ

হিংসাত্মক ঘটনাৰ খবৰ পোৱাৰ লগে লগে হোজাই–কাৰ্বি আংলং সীমান্তৱৰ্তী লংকাৰ ফৰেষ্ট বজাৰ এলেকাত শ শ স্থানীয় বাসিন্দাই ৰাজপথলৈ ওলাই আহি মৃতকৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। বিক্ষোভকাৰীসকলে প্লেকাৰ্ড লৈ শ্ল’গান দি পৰিস্থিতি অধিক উত্তেজনাময় কৰি তোলে। প্ৰতিবাদৰ ফলত অঞ্চলটোত দোকান-পোহাৰ বন্ধ হৈ পৰাৰ লগতে যান-বাহনৰ চলাচল আংশিকভাৱে ব্যাহত হয়।

প্ৰতিবাদৰ সময়ত বিক্ষোভকাৰীয়ে ৰানাইমা কাৰ্বি আংলং প্ৰৱেশ টেক্স গেট ভাঙি পেলোৱাৰ ঘটনাই স্পৰ্শকাতৰ আন্তঃজিলা সীমান্তত উদ্বেগ আৰু অধিক বৃদ্ধি কৰে। উল্লেখ্য যে, পশ্চিম কাৰ্বি আংলঙৰ সংৰক্ষিত চৰণীয়া ভূমিৰ পৰা অজনজাতীয় বসতিপ্ৰধান লোকক উচ্ছেদ কৰাৰ দাবীৰ সৈতে জড়িত সংঘৰ্ষৰ মাজতেই এই অগ্নিসংযোগৰ ঘটনা সংঘটিত হয়। মঙলবাৰে খেৰণি বজাৰত সংঘটিত এই ঘটনাত সুৰজ দে নামৰ এজন বিশেষভাৱে সক্ষম লোক সময়মতে পলায়ন কৰিব নোৱাৰাত জ্বলি মৃত্যুমুখত পৰে বুলি জানিব পৰা গৈছে।

বুধবাৰে পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী ফৰেষ্ট বজাৰ এলেকাত বাংলাভাষী সম্প্ৰদায়ৰ হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰি ভুক্তভোগীৰ ন্যায়, বাসিন্দাসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ আশ্বাসৰ দাবী জনায়।

ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু ভূমি সম্পৰ্কীয় বিবাদসমূহ আলোচনা আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সমাধান কৰিব লাগিব বুলি পুনৰ উল্লেখ কৰে। ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে অহা ২৬ ডিচেম্বৰত চৰকাৰ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু প্ৰতিবাদকাৰীসকলৰ প্ৰতিনিধিৰ সৈতে ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰি সমস্যাৰ স্থায়ী সমাধান আৰু অঞ্চলটোত শান্তি স্থাপন কৰাৰ চেষ্টা কৰা হ’ব।

Related Articles