Sadagar deori: ভুৱা ‘ডিজিটেল গ্ৰেপ্তাৰ’ৰ আতংকঃ আইনৰ ভয় দেখুৱাই যোৰহাটৰ জ্যেষ্ঠ চিকিৎসকৰ ৪৯ লাখ টকা লুণ্ঠন

আইনৰ নাম লৈ (sadagar deori) ভয় দেখুওৱাই আজি চাইবাৰ অপৰাধীৰ সহজ অস্ত্ৰ হৈ উঠিছে। সেই ভয়তে পৰি যোৰহাটৰ এজন জ্যেষ্ঠ চিকিৎসকে নিজৰ সাঁচৰ ধন প্ৰায় ৪৯ লাখ টকা হেৰুৱাবলগীয়া হৈছে। ভুৱা “ডিজিটেল গ্ৰেপ্তাৰ”ৰ কথা কৈ দীঘলীয়া সময় ধৰি মানসিক চাপ সৃষ্টি কৰি এই অপৰাধ সংঘটিত কৰা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগী চিকিৎসকজন যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডা. সদাগৰ দেউৰি (৬৩)। ঘটনাৰ সন্দৰ্ভত তেওঁ যোৰহাট আৰক্ষী অধীক্ষকৰ ওচৰত লিখিত অভিযোগ দাখিল কৰি গোচৰ ৰুজু আৰু দ্ৰুত তদন্তৰ দাবী জনাইছে।
অভিযোগ অনুসাৰে, ১৯ নৱেম্বৰত এটা অচিনাকি নম্বৰৰ পৰা হোৱাটছএপ ভিডিঅ’ কল যোগে তেওঁৰ সৈতে যোগাযোগ কৰা হয়। কলত নিজকে বেংগালুৰু আৰক্ষীৰ বিষয়া বুলি চিনাক্ত কৰি ডা. দেউৰিৰ বিৰুদ্ধে অশালীন সামগ্ৰীৰ সৈতে জড়িত গোচৰৰ কথা কোৱা হয়। আইনৰ কথা শুনিয়েই তেওঁ গভীৰ আতংকত পৰে।


বেংগালুৰু গৈ হাজিৰ হ’বলৈ অক্ষমতা প্ৰকাশ কৰাত চাপ সৃষ্টি কৰা হয়। কোৱা হয় যে বিষয়টোত কেন্দ্ৰীয় তদন্ত সংস্থা জড়িত। ইয়াৰ লগতে তেওঁৰ আধাৰ পৰিচয় ব্যৱহাৰ কৰি এটিএম কাৰ্ড দুৰ্ব্যৱহাৰৰ অভিযোগ কৰে। কানাড়া বেংকৰ একাউণ্টৰ জৰিয়তে বৃহৎ অংকৰ ধন লেনদেনৰ কথাও উল্লেখ কৰি ভয় জাগ্ৰত কৰা হয়। ইয়াৰ পাছত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন দেখুৱাই বিষয়টো গোপন ৰাখিবলৈ কঠোৰ নিৰ্দেশ দিয়া হয়। কাকো কিবা ক’লে গুৰুতৰ ফল ভোগ কৰিব লাগিব বুলি ভাবুকি দিয়া হয়। কথিত অনুসন্ধানৰ নামত দীঘলীয়া সময় ধৰি ভিডিঅ’ কলত থাকিবলৈ বাধ্য কৰা হয়। বাসগৃহৰ দৃশ্য, ব্যক্তিগত সম্পত্তিৰ তথ্য আৰু অৱস্থানৰ খবৰ দিবলৈও নিৰ্দেশ দিয়া হয়।


ভয় আৰু আতংকৰ মাজত পৰি ডা. দেউৰিয়ে প্ৰেৰণ কৰা জাল এজাহাৰ প্ৰতিলিপি আৰু উচ্চতম ন্যায়ালয়ৰ নামেৰে সাজি তোলা ভুৱা জাননী বিশ্বাস কৰে। এই অৱস্থাত তেওঁ তথাকথিত “নিৰাপত্তা ধন”ৰ নামত একাধিক বেংক একাউণ্টত ধন প্ৰেৰণ কৰে। পিছত সকলো টকা ঘূৰাই দিয়া হ’ব বুলি আশ্বাস দিয়া হৈছিল। এইদৰে পাঁচটা পৰ্যায়ত মুঠ ৪৯ লাখ টকা প্ৰেৰণ কৰাৰ পাছত তেওঁ উপলব্ধি কৰে যে সমগ্ৰ ঘটনাটো ভুৱা পৰিচয়, প্ৰযুক্তিগত কৌশল আৰু জাল আইনী ভাবুকি ব্যৱহাৰ কৰি সংঘটিত এক বৃহৎ চাইবাৰ প্ৰৱঞ্চনা।


নিজৰ অভিযোগত ডা. দেউৰিয়ে ভাৰতীয় ন্যায় সংহিতা আৰু তথ্য প্ৰযুক্তি আইন অনুসৰি গোচৰ ৰুজু, সংশ্লিষ্ট বেংক একাউণ্টসমূহ স্থগিত কৰি ধন উদ্ধাৰৰ ব্যৱস্থা আৰু দোষীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
তেওঁ লগতে উল্লেখ কৰিছে যে এই ধনৰাশি তেওঁ ধাৰ-ঋণ লৈ জোগাড় কৰিবলগীয়া হৈছিল। এই ঘটনাই তেওঁক আৰ্থিক ক্ষতিৰ লগতে গভীৰ মানসিক যন্ত্ৰণাৰ মাজলৈ ঠেলি দিছে। সহজ বিশ্বাসেই যেন এইবাৰ তেওঁৰ বাবে ডাঙৰ বিপদৰ কাৰণ হৈ উঠিল।

Related Articles