Akhil Gogoi: গৃহমন্ত্ৰী অমৃত শ্বাহক অসমলৈ আহি হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবলৈ আহ্বান অখিল গগৈৰ

ৰাইজৰ দলৰ (Akhil Gogoi) ধেমাজি বিধান সভাৰ সমষ্টি সমিতিৰ উদ্যোগত দেওবাৰে ধেমাজি নগৰৰ হোটেল স্ৱৱাগত সভাগৃহত এখন কৰ্মী সভা আৰু যোগদান অনুষ্ঠান অনুষ্ঠিত হয়। ৰাইজৰ দল অসমৰ উপ সভাপতি বাবুল সোণোৱালে উদ্দেশ্য ব্যাখা কৰা সভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত ভালে সংখ্যক লোকে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

ইয়াৰ পিছতে স্বভাৱসূলভ ভাষণেৰে আগন্তুক নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ আহবান জনায়৷
ইয়াৰ পিছতে ছয় জনগোষ্ঠী জনজাতিকৰণ ,অসমলৈ অমৃত শ্বাহ আগমনক লৈ আৰু গেৰুকামুখৰ nhpc বান্ধক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে ৷

ছয় জনগোষ্ঠীক জনজাতিকৰনৰ সম্পৰ্কত তেওঁ কয় -“ ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰিলে প্ৰবঞ্চনা কৰিলে আনফালেদি মিচিঙকে ধৰি জনজাতিসকলক প্ৰৱঞ্চনা কৰিলে ।

একেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ অসম আগমনক লৈ সৰৱ হৈ অসমলৈ আহি হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবলৈ সকীয়নি দিয়ে ৷ লগতে কয় ২০২৬ত আকৌ ধৰ্মীয় ৰাজনীতি কৰিব ৷

Related Articles