কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে অসম ভ্ৰমণকালীনভাৱে উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ ‘জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰ’ আনুষ্ঠানিকভাৱে মুকলি কৰে। গুৱাহাটীৰ খানাপাৰা অঞ্চলত ৪৫ বিঘা (১৪.৮৫ একৰ) ভূমিত নিৰ্মিত এই প্ৰেক্ষাগৃহটো ২৯১ কোটি টকা ব্যয় সাপেক্ষে গঢ়ি তোলা হৈছে।
৫ হাজাৰ দৰ্শক একেলগে বহিব পৰা এই আধুনিক প্ৰেক্ষাগৃহটোক উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এক নতুন মাইলফলক হিচাপে অভিহিত কৰা হৈছে। মূল প্ৰেক্ষাগৃহৰ উপৰিও ইয়াত আধুনিক কনভেনচন চেণ্টাৰ, পাঁচটা ভিআইপি ছুইট, ৪৫০ খন বাহন ৰখাব পৰা বহুস্তৰীয় পাৰ্কিং ব্যৱস্থা, অত্যাধুনিক দৃশ্য-শ্ৰব্য প্ৰযুক্তি আৰু ডিজিটেল আন্তঃগাঁথনি স্থাপন কৰা হৈছে। এই প্ৰকল্পটো সম্পূৰ্ণৰূপে সেউজ শক্তিনির্ভৰ, যাৰ বাবে ছাদত সৌৰ পেনেল স্থাপন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।
এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জন্মগত হৃদৰোগত আক্রান্ত হৈ সুস্থ হোৱা ১,০০০ জন শিশুক বিশেষভাৱে সন্মান জনায়। ইয়াৰ লগতে তেওঁ গুৱাহাটী আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয় ভৱন আৰু ২০০০ টা চিচিটিভি কেমেৰা সংযুক্ত আধুনিক নিৰীক্ষণ ব্যৱস্থাৰো শুভ উদ্বোধন কৰে। আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্যিক অপৰাধ তদন্ত বিভাগে আয়োজন কৰা নতুন অপৰাধ আইন বিষয়ক প্ৰদৰ্শনীটোও শ্বাহে মুকলি কৰে।
ইয়াৰ পিছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত নিৰ্মিত ‘শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্ৰায় ২২৭ কোটি টকা ব্যয়েৰে নিৰ্মিত এই আধ্যাত্মিক আৰু সাংস্কৃতিক ক্ষেত্ৰটো অসমৰ ধৰ্মীয় ঐতিহ্য সংৰক্ষণ আৰু বিশ্বদৰবাৰত অসমীয়া সংস্কৃতিক প্ৰতিষ্ঠা কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে শ্বাহে। উদ্বোধনী ভাষণত তেওঁ কয় যে, এই ধৰণৰ প্ৰকল্পে অসমক আধ্যাত্মিক, সাংস্কৃতিক আৰু পৰ্যটনৰ ক্ষেত্ৰত নতুন উচ্চতালৈ লৈ যাব।
সমগ্ৰ কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একেলগে অসমক সংস্কৃতি, পৰ্যটন আৰু উন্নয়নৰ নতুন দিশলৈ আগুৱাই নিবলৈ দৃঢ় প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে।

