গুৱাহাটী আৰক্ষী আয়ুক্তৰ স্থায়ী ভৱন, স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা আৰু ফৰেনছিক ভ্ৰাম্যমাণ বাহনৰ শুভ উদ্বোধন

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে গুৱাহাটীত আৰক্ষী আধুনিকীকৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে গুৱাহাটী আৰক্ষী আয়ুক্তৰ স্থায়ী ভৱন, স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা (ICSS) আৰু ফৰেনছিক ভ্ৰাম্যমাণ বাহনৰ আনুষ্ঠানিক উদ্বোধন কৰে।

মুঠ ১১১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গুৱাহাটী আৰক্ষী আয়ুক্তৰ নতুন স্থায়ী কাৰ্যালয় ভৱনটো খানাপাৰা অঞ্চলত অৱস্থিত। ১০ মহলীয়া এই ভৱনত গুৱাহাটী আৰক্ষীৰ সকলো শাখা একেটা ছাতাৰ তলত কাৰ্যনিৰ্বাহ কৰিব পাৰিব। ভৱনটোত ৪০০ জন বিষয়াৰ বহাৰ সুবিধাৰ লগতে আধুনিক পুথিভঁৰাল আৰু আৰ্কাইভ স্থাপন কৰা হৈছে।

এই অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহে একে সময়তে ২০০০ চিচিটিভি কেমেৰাৰে সজ্জিত স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা (Integrated Command and Control System – ICCC) মুকলি কৰে। ১৮১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই অত্যাধুনিক ব্যৱস্থাটোৰ জৰিয়তে গুৱাহাটীৰ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী হ’ব বুলি আশা কৰা হৈছে। ইয়াত ৬০ টা নাগৰিক সুৰক্ষা আৰু সতৰ্কতামূলক ব্যৱস্থা সংযোজন কৰা হৈছে, যিয়ে অপৰাধ নিয়ন্ত্ৰণ আৰু তৎক্ষণাৎ প্ৰতিক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ইয়াৰ উপৰিও গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি মোতায়েন কৰিবলগীয়া ৩৯ খন ফৰেনছিক ভ্ৰাম্যমাণ বাহনৰ ফ্লেগ অফ কৰে। এই বাহনসমূহে ঘটনাস্থলীতেই বৈজ্ঞানিক অনুসন্ধান সম্পন্ন কৰি অপৰাধ তদন্ত অধিক গতিশীল আৰু স্বচ্ছ কৰি তুলিব।

একেলগে গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্যিক অপৰাধ অনুসন্ধান বিভাগৰ উদ্যোগত নতুন ন্যায় সংহিতাসমূহ সম্পৰ্কে এখন বিশেষ প্ৰদৰ্শনীও উদ্বোধন কৰা হয়। এই প্ৰদৰ্শনীত নতুন আইনসমূহৰ মূল বৈশিষ্ট্য, প্ৰয়োগ পদ্ধতি আৰু নাগৰিক অধিকাৰসমূহ সম্পৰ্কে জনসাধাৰণক অৱগত কৰা হয়।

উল্লেখযোগ্য যে, নতুন ভৱনটোত পৰিৱেশ-অনুকূল ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াত বৰষুণৰ পানী সংৰক্ষণ ব্যৱস্থা, নলা পৰিশোধন ব্যৱস্থা আৰু ৪২.৩ কিলোৱাট ক্ষমতাৰ সৌৰ শক্তি উৎপাদন ব্যৱস্থা স্থাপন কৰা হৈছে।

এই সকলো প্ৰকল্পৰ জৰিয়তে অসম আৰক্ষীক অধিক আধুনিক, দক্ষ আৰু প্ৰযুক্তিনিৰ্ভৰ কৰি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে বুলি মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।

Related Articles