ৰাজ্যৰ জনসংখ্যাগত গঠন আৰু সামাজিক ভাৰসাম্যক লৈ উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হিন্দু পৰিয়ালসমূহক কমেও দুটা সন্তান জন্ম দিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে, যিবোৰ অঞ্চলত হিন্দু সম্প্ৰদায় ইতিমধ্যে সংখ্যালঘু হৈছে অথবা সংখ্যালঘু হোৱাৰ দিশে আগবাঢ়িছে, সেইবোৰ অঞ্চলত পৰিয়াল এটাতেই সীমাবদ্ধ হৈ নথকাকৈ অধিক সন্তান জন্ম দিয়াটো প্ৰয়োজনীয় হৈ পৰিছে।
সংবাদ মাধ্যমৰ সৈতে কথা পাতোঁতে মুখ্যমন্ত্ৰীয়ে কয়, “যিবোৰ অঞ্চলত হিন্দু সম্প্ৰদায় সংখ্যালঘু হৈছে বা হোৱাৰ উপক্ৰম হৈছে, সেইবোৰ অঞ্চলত পৰিয়াল এটা সন্তান জন্ম দি ৰৈ যাব নালাগে। হিন্দু পৰিয়ালসমূহে কমেও দুটা সন্তান জন্ম দিব লাগে, সম্ভৱ হ’লে তিনিটা সন্তান জন্ম দিয়াৰ লক্ষ্য ৰাখিব লাগে।”
তেওঁ লগতে কয় যে ৰাজ্যখনৰ জনসংখ্যাগত গঠনক লৈ চৰকাৰ উদ্বিগ্ন। মুখ্যমন্ত্ৰীৰ মতে, বিভিন্ন সম্প্ৰদায়ৰ মাজত জন্মৰ হাৰৰ বৈষম্য স্পষ্টভাৱে দেখা গৈছে। “কেইবাটাও ক্ষেত্ৰত মুছলমান সম্প্ৰদায়ৰ মাজত জন্মৰ হাৰ তুলনামূলকভাৱে অধিক, আনফালে হিন্দু সমাজত এই হাৰ ক্ৰমে হ্ৰাস পাইছে। এই ধৰণৰ জনসংখ্যাগত পাৰ্থক্য অব্যাহত থাকিলে ভৱিষ্যতে সামাজিক ভাৰসাম্যত প্ৰভাৱ পৰিব পাৰে,” বুলি তেওঁ উল্লেখ কৰে।
ড° শৰ্মাই লগতে স্পষ্ট কৰি কয় যে চৰকাৰৰ আহ্বান কোনো বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়, বৰঞ্চ সামগ্ৰিক সামাজিক ভাৰসাম্য ৰক্ষাৰ লক্ষ্যৰে। তেওঁ কয়, “আমি মুছলমান পৰিয়ালসমূহকো কওঁ যে অত্যধিক ডাঙৰ পৰিয়াল নকৰিব। ৭-৮টা সন্তান জন্ম নিদিব, অলপ কমকৈ দিয়ক। একেদৰে হিন্দু পৰিয়ালসমূহকো কওঁ—আপোনালোকে অলপ বেছি সন্তান জন্ম দিয়ক। নহ’লে আগলৈ গৈ ঘৰখন চোৱাচিতা কৰিবলৈ মানুহেই নাথাকিব।”

