ৰাজ্যজুৰি অব্যাহত থকা প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ বাবে বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। শীতৰ তীব্ৰতাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ দৈনন্দিন যাতায়াত কঠিন হৈ পৰাত এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিবলৈ দিয়ে শিক্ষা বিভাগে।
বিগত কেইবাদিন ধৰি অসমত বিশেষকৈ গুৱাহাটী মহানগৰসহ বিভিন্ন অঞ্চল ঘন কুঁৱলীৰ আৱৰণত পৰি আছে। শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ ফলত স্বাভাৱিক জনজীৱন ব্যাহত হৈছে। বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, গুৱাহাটী আৰু আশে-পাশে অঞ্চলত সৰ্বনিম্ন তাপমাত্ৰা প্ৰায় একে থাকিলেও সৰ্বোচ্চ তাপমাত্ৰা উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। আগন্তুক কেইদিনমানলৈ অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বহু ৰাজ্যত ঘন কুঁৱলী অব্যাহত থাকিব বুলি পূৰ্বাভাস দিয়া হৈছে।
এই পৰিস্থিতিত শীতৰ প্ৰকোপৰ পৰা শিক্ষাৰ্থীসকলক সুৰক্ষা দিবলৈ কামৰূপ মহানগৰ জিলাত ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ সকলো চৰকাৰী বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। কামৰূপ মেট্ৰ’ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু সমগ্ৰ শিক্ষা অসমৰ জিলা সমন্বয়কে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰিছে। জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়া হৈছে। লগতে ব্যক্তিগত বিদ্যালয়সমূহকো ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ কথা চিন্তা কৰি একে ধৰণৰ ব্যৱস্থা ল’বলৈ আহ্বান জনোৱা হৈছে।

ইফালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পূৰ্বেই জানিবলৈ দিছিল যে, শীতৰ প্ৰকোপ অধিক হ’লে জিলা প্ৰশাসনে বিদ্যালয় বন্ধৰ সিদ্ধান্ত ল’ব পাৰিব। তেওঁ কয়, “কিছুমান জিলাত শীতৰ তীব্ৰতা বেছি, কিছুমানত তুলনামূলকভাৱে কম। সেই অনুসৰি জিলা আয়ুক্তসকলে পৰিস্থিতি মূল্যায়ন কৰি সিদ্ধান্ত ল’ব পাৰিব।”
শিক্ষামন্ত্ৰীয়ে সামাজিক মাধ্যমযোগেও সকলো জিলা আয়ুক্তক নিজ নিজ জিলাৰ পৰিস্থিতি পৰ্যালোচনা কৰি প্ৰয়োজন অনুসাৰে বিদ্যালয় বন্ধ বা খোলা ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

