বিদেশী ন্যায়াধিকৰণে কাকো (Himanta Biswa Sarma) বিদেশী বুলি ঘোষণা কৰাৰ পাছত সৰ্বাধিক এসপ্তাহৰ ভিতৰতে সংশ্লিষ্ট ব্যক্তিক নিজ দেশলৈ প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা কৰা হ’ব বুলি বৃহস্পতিবাৰে ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অবৈধ বিদেশীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কোনো ধৰণৰ শিথিলতা নেদেখুৱাই কঠোৰ আৰু প্ৰত্যক্ষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু ইতিমধ্যে ২ হাজাৰ অবৈধ বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অবৈধ অনুপ্ৰৱেশ ৰোধ কৰাটো চৰকাৰৰ দৃঢ় সংকল্প। সেইহেতু এতিয়াৰ পৰা বিদেশী ন্যায়াধিকৰণে যিকোনো ব্যক্তিক বিদেশী বুলি ঘোষণা কৰাৰ লগে লগে সংশ্লিষ্ট জিলা প্ৰশাসনে বিলম্ব নকৰি বহিষ্কাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। এই সন্দৰ্ভত তেওঁ পূৰ্বে ২৫ ডিচেম্বৰত কৰা মন্তব্য স্মৰণ কৰাই দিয়ে যে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কোনো আপোচ নকৰাকৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলো জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে। আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত অপৰাধমূলক ঘটনাৰ সংখ্যা উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে আৰু একে সময়তে দোষী সাব্যস্তকৰণৰ হাৰো বৃদ্ধি পাইছে। তেওঁ জানিবলৈ দিয়ে যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ মূল্যায়ন অনুসৰি নতুন ফৌজদাৰী আইনসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসমে দেশৰ সকলো ৰাজ্যৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মতে, ২০২১ চনত ৰাজ্যত ১ লাখ ৩৩ হাজাৰ গোচৰ পঞ্জীয়ন হৈছিল যদিও ২০২৫ চনত এই সংখ্যা হ্ৰাস পাই ৪৩ হাজাৰ ৭৪৮ লৈ নামি আহিছে। লগতে আদালতত অভিযোগনামা দাখিলৰ হাৰ ৮১ শতাংশলৈ উন্নীত হোৱাৰ লগতে দোষী সাব্যস্তকৰণৰ হাৰো ৬ শতাংশৰ পৰা বৃদ্ধি পাই ২৬.৩৮ শতাংশত উপনীত হৈছে। ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে অহা জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব। তাৰ পাছতেই ফেব্ৰুৱাৰী মাহত প্ৰস্তাৱিত গেলেফু ৰে’লপথ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হ’ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিগত পাঁচ বছৰত ৰাজ্যখনত আন্তঃগাঁথনি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি সাধিত হৈছে। বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত চাৰিখন নতুন দলং নিৰ্মাণৰ কাম চলি আছে আৰু অহা ফেব্ৰুৱাৰী মাহত গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী নতুন দলংখন ৰাইজৰ বাবে মুকলি কৰা হ’ব। তেওঁ লগতে জানিবলৈ দিয়ে যে প্ৰায় ৬ হাজাৰ ৯৫৭ কোটি টকা ব্যয়ে নিৰ্মাণ হ’বলগীয়া প্ৰায় ৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিড’ৰ প্ৰকল্পই ৰাজ্যখনৰ পথ যোগাযোগ ব্যৱস্থাত এক নতুন দিশ প্ৰদান কৰিব। গহপুৰৰ পৰা নুমলীগড়লৈ সংযোগ স্থাপনৰ লক্ষ্যৰে পানীৰ তলৰে সুৰংগ পথ আৰু ৰে’লপথ নিৰ্মাণৰ এক বৃহৎ প্ৰস্তাৱিত আঁচনিৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰায় ২২ হাজাৰ কোটি টকা ব্যয়ৰ এই প্ৰকল্পটো ইতিমধ্যে বিত্ত মন্ত্ৰালয়ৰ অনুমোদন লাভ কৰিছে আৰু অহা ফেব্ৰুৱাৰী মাহতেই গেলেফু ৰে’ললাইন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে গুৱাহাটী বিমানবন্দৰৰ সমীপত প্ৰস্তাৱিত এলিভেটেড কৰিড’ৰৰ লগতে ৬৮ একৰ ভূমিত এখন আধুনিক এৰ’চিটি গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত এছিয়ান ডেভেলপমেণ্ট বেংকৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ উপৰিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বৰ্তমানৰ কাঠামো সম্পূৰ্ণৰূপে ভাঙি ২ হাজাৰ ২০০ কোটি টকা ব্যয়ে এখন নতুন আধুনিক চিকিৎসালয় নিৰ্মাণ কৰা হ’ব। লগতে ১২০ মেগাৱাট ক্ষমতাৰ কপিলী জলবিদ্যুৎ প্ৰকল্পো শীঘ্ৰেই উদ্বোধন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
ৰাজ্যৰ অৰ্থনৈতিক অগ্ৰগতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ২০২০ চনৰ পৰা ২০২৫ চনলৈকে অসম দেশৰ ভিতৰত সৰ্বাধিক দ্ৰুতগতিত বিকাশ কৰা ৰাজ্য হিচাপে স্বীকৃত হৈছে। তেওঁ কয় যে য’ত ৰাষ্ট্ৰীয় গড় বৃদ্ধিৰ হাৰ আছিল ২৯ শতাংশ, তাত অসমৰ বিকাশৰ হাৰ ৪৫ শতাংশ। বৰ্তমান মূল্যৰ আধাৰত ৰাজ্যখনৰ স্থুল ৰাজ্যিক ঘৰুৱা উৎপাদন ২০২১–২২ বৰ্ষৰ ৪.১০ লাখ কোটি টকাৰ পৰা ২০২৫–২৬ বৰ্ষৰ ভিতৰত ৭.৪১ লাখ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যখনৰ জনমূৰি আয় ৫৪ শতাংশ বৃদ্ধি পাই বৰ্তমান ১.৫৯ লাখ টকাত উপনীত হৈছে আৰু একে সময়তে ৰাজ্যৰ ৰাজহ আয়ো ৫৩ শতাংশ বৃদ্ধি পাইছে। ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিসমূহ ৰাজ্যক ‘অষ্টলক্ষ্মী’ নামে অভিহিত কৰিছে, সেইসমূহৰ ভিতৰত অসম আজি কেৱল এই উপাধিত সীমাবদ্ধ নহয়; বৰঞ্চ দেশৰ ভিতৰত দ্ৰুত বিকাশমান ৰাজ্যসমূহৰ অগ্ৰশাৰীত সুদৃঢ়ভাৱে ঠাই ল’বলৈ সক্ষম হৈছে। শেহতীয়া বছৰসমূহত ৰাজ্যখনত যি বিকাশৰ গতি দেখা গৈছে, তাৰ মূল আধাৰ হৈছে পথ-যোগাযোগ আৰু যাতায়াত ব্যৱস্থাত সাধিত আমূল পৰিৱর্তন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ বহুতো প্ৰকল্প আৰু অভিলাষী আঁচনি ৰূপায়ণ কৰি অসমৰ আন্তঃগাঁথনি উন্নয়নত নতুন দিশ প্ৰদান কৰিছে। বিশেষকৈ পথ যোগাযোগ ব্যৱস্থাৰ বিস্তাৰে ৰাজ্যখনৰ অৰ্থনৈতিক গতি বৃদ্ধি, শিল্প-বাণিজ্যৰ প্ৰসাৰ আৰু সাধাৰণ জনতাৰ জীৱনধাৰা উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।
ৰাজ্যখনত জলপথ, স্থলপথ আৰু আকাশপথ—এই তিনিও ক্ষেত্ৰতে একেলগে উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আধুনিক পথ, দলং, বাইপাছ আৰু দ্ৰুতপথ নিৰ্মাণৰ ফলত কেৱল মহানগৰ কেন্দ্ৰতেই নহয়, গ্ৰাম্য আৰু দূৰৱৰ্তী অঞ্চলসমূহৰ লগতো ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ সংযোগ অধিক দৃঢ় হৈছে। বিগত পাঁচ বছৰত গুৱাহাটীসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ নিৰ্মাণ আৰু সম্প্ৰসাৰণৰ কাম যিদৰে আগবাঢ়িছে, সেয়া অসমক দেশৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বিশেষ স্থান প্ৰদান কৰিছে। এই বিকাশ যাত্ৰাৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু বহুল আলোচিত প্ৰকল্প হৈছে গুৱাহাটীৰ ৰিং ৰোড। মহানগৰীৰ যানজঁট হ্ৰাস, দীঘলীয়া পথযাত্ৰা সৰলীকৰণ আৰু আঞ্চলিক সংযোগ অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে এই বৃহৎ প্ৰকল্প হাতত লোৱা হৈছে। চলিত বৰ্ষৰ ১৪ ছেপ্টেম্বৰত প্ৰায় ৫ হাজাৰ ৭২৯ কোটি টকা ব্যয়ে নিৰ্মাণ হ’বলগীয়া গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰে। ইতিমধ্যে প্ৰকল্পৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কাম আৰম্ভ হৈছে। পৰিকল্পনা অনুসৰি, ২০২৭ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ’বলগীয়া প্ৰায় ১২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাই শিলচৰ–সৌৰাষ্ট্ৰীয় ইষ্ট–ৱেষ্ট কৰিড’ৰৰ সৈতে সংযোগ স্থাপন কৰিব। ইয়াৰ ফলত অসম দেশৰ অন্যান্য অংশৰ সৈতে অধিক দ্ৰুত আৰু অবিৰত পথযোগাযোগৰ আওতাত আহিব। এই সংযোগে কেৱল যাতায়াত ক্ষেত্ৰতেই নহয়, বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।
ৰিং ৰোডৰ পথ-ৰেখা অনুসৰি, এই পথ কমলপুৰৰ পৰা আৰম্ভ হৈ বাইহাটা চাৰিআলি, পানীখাইতী আৰু চন্দ্ৰপুৰ অতিক্ৰম কৰি আমচাং অভয়াৰণ্যৰ কাষেৰে সোণাপুৰৰ কাপালকাটালৈ বিস্তৃত হ’ব।
ইয়াৰ পাছত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৰাবাট আৰু গুৱাহাটী বাইপাছ অতিক্ৰম কৰি পুনৰ কমলপুৰত এই বৃত্তাকাৰ পথছোৱা সম্পূৰ্ণ হ’ব। এই ব্যৱস্থাই মহানগৰৰ ভিতৰত প্ৰৱেশ নকৰাকৈয়ে দীঘলীয়া পথৰ যানবাহন চলাচলৰ সুবিধা প্ৰদান কৰিব। প্ৰকল্পৰ অন্তৰ্গত কমলপুৰৰ পৰা বাইহাটা চাৰিআলি, কুৰুৱা, দেৰগাঁও, কৰৰা, মান্দাকাটা আৰু চুটিকাঘুৰিলৈ চাৰিলেনযুক্ত আধুনিক পথ নিৰ্মাণ কৰা হ’ব। ইয়াৰ লগতে কুৰুৱাৰ পৰা নাৰেঙ্গী সংযোগস্থললৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰায় তিন কিলোমিটাৰ দৈৰ্ঘ্যৰ ছয়লেনযুক্ত এখন আধুনিক দলং নিৰ্মাণ কৰা হ’ব। এই দলঙে গুৱাহাটীৰ যানজঁট হ্ৰাস কৰাৰ লগতে উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত যাতায়াত অধিক সুৰক্ষিত আৰু সলসলীয়া কৰি তুলিব। ইয়াৰ উপৰিও ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰাবাট–গুৱাহাটী বাইপাছ অংশৰ বৰ্তমানৰ চাৰিলেনযুক্ত পথটো ছয়লেনলৈ উন্নীত কৰাৰ ব্যৱস্থা লোৱা হৈছে। ইয়াৰ ফলত মহানগৰৰ বাহিৰেৰে চলাচল কৰা গধুৰ যানবাহনৰ চাপ হ্ৰাস পাব আৰু দৈনন্দিন যাত্ৰীৰ যাতায়াত অধিক সুবিধাজনক হ’ব। গুৱাহাটী ৰিং ৰোড সম্পূৰ্ণ হ’লে মহানগৰৰ ভিতৰত প্ৰৱেশ নকৰাকৈয়ে পশ্চিমবংগ, বিহাৰ, নাগালেণ্ড আৰু ত্ৰিপুৰালৈ সোজা পথযোগাযোগ সম্ভৱ হ’ব। লগতে শিলচৰ, শিলং, যোৰহাট, তেজপুৰ, যোগীঘোপা আৰু বৰপেটাৰ লগতো গুৱাহাটীৰ সংযোগ অধিক সুদৃঢ় হ’ব।

