Old age pensions: ৰাজ্যৰ বৃদ্ধ পেঞ্চনধাৰীসকলৰ বাবে ভাল খবৰঃ বৃদ্ধ পেঞ্চন ৪০০ টকা হ’ব

ৰাজ্যৰ বৃদ্ধ (Old age pensions) পেঞ্চনধাৰীসকলৰ বাবে এতিয়ালৈকে প্ৰদান কৰি অহা ২৫০ টকাৰ পেঞ্চন ধন বৃদ্ধি কৰি ৪০০ টকা কৰা হ’ব। লগতে সত্ৰসমূহত থকা ভকতসকলৰ বাবেও প্ৰতিমাহে ১ হাজাৰ ৫০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব কেৱল আশ্বাসত সীমাবদ্ধ নহয়, প্ৰত্যক্ষ কাৰ্য্যৰ মাজেৰে প্ৰমাণ কৰা হৈছে। ঔদ্যোগিক খণ্ডত বিনিয়োগ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি কয় যে ২৭ হাজাৰ কোটি টকীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পাছতেই অসমত অতি শীঘ্ৰেই ম’বাইল ফোন নিৰ্মাণ কাৰখানা স্থাপন হ’ব। এই নতুন উদ্যোগ অসমক কেৱল উপভোক্তা ৰাজ্য হিচাপে নহয়, উৎপাদক ৰাজ্য হিচাপেও গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব বুলি তেওঁ মন্তব্য কৰে।


যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ সুৰত সময়সীমা ঘোষণা কৰে। অহা ফেব্ৰুৱাৰী মাহত গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী নতুন দলংখন মুকলি কৰা হ’ব আৰু এই দলংখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব। ইয়াৰ লগতে জানুৱাৰীৰ তৃতীয় সপ্তাহত ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলাও প্ৰধানমন্ত্ৰীৰ দ্বাৰা স্থাপন কৰা হ’ব। ৰে’ল যোগাযোগ ক্ষেত্ৰতো সিদ্ধান্ত চূড়ান্ত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে কোকৰাঝাৰ–গেলেফু ৰে’ললাইন প্ৰকল্পৰ আধাৰশিলা শীঘ্ৰেই স্থাপন কৰা হ’ব। লগতে কোকৰাঝাৰৰ বাঁশবাৰীত ৰে’ল দবা নিৰ্মাণৰ কাৰখানা স্থাপন কৰাৰ সিদ্ধান্তো চৰকাৰে চূড়ান্ত কৰিছে বুলি তেওঁ সদৰী কৰে।

“নতুন দিনৰ আলাপ’ অনুষ্ঠানৰ জৰিয়তে এই সকলো ঘোষণা আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ বাৰ্তা প্ৰেৰণ কৰে যে কলা-সংস্কৃতিৰ সন্মান, সামাজিক সুৰক্ষা আৰু উন্নয়ন—এই তিনিও ক্ষেত্ৰতে ৰাজ্য চৰকাৰৰ অৱস্থান আপোচহীন আৰু সিদ্ধান্ত বাস্তৱায়নত কোনো ধৰণৰ ঢিলাই সহ্য কৰা নহ’ব।

Related Articles