Guwahati Crime: শাস্তিৰ হাৰ ৮৬ শতাংশলৈ বৃদ্ধি, অপৰাধ নিয়ন্ত্ৰণ গুৱাহাটীত উন্নতি

২০২৫ বৰ্ষত অপৰাধ নিয়ন্ত্ৰণ (Guwahati Crime) আৰু আইন-শৃঙ্খলা ৰক্ষাৰ ক্ষেত্ৰত উন্নতি হোৱা বুলি জানাইছে গুৱাহাটী মহানগৰ পুলিচ। শুকুৰবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, পূৰ্বৰ বৰ্ষসমূহৰ তুলনাত গোচৰ অনুসন্ধান, অভিযোগপত্ৰ দাখিল আৰু দোষীক শাস্তি দিয়াৰ ক্ষেত্ৰত মহানগৰ পুলিচে ভাল ফল দেখুৱাইছে। পুলিচে জনোৱা মতে, ২০২৫ বৰ্ষত অভিযোগপত্ৰ দাখিলৰ হাৰ ৬৮.৩৪ শতাংশলৈ বৃদ্ধি পাইছে। ২০২১ বৰ্ষত এই হাৰ আছিল কেৱল ১৯.১৩ শতাংশ। একে সময়তে শাস্তিৰ হাৰো স্পষ্টভাৱে বৃদ্ধি পাইছে। ২০২১ বৰ্ষত মাত্ৰ ৪ শতাংশ গোচৰত শাস্তি নিশ্চিত হৈছিল যদিও ২০২৫ বৰ্ষত এই হাৰ ২৮.০৫ শতাংশলৈ উঠিছে। নতুন ফৌজদাৰী আইন প্ৰৱৰ্তনৰ পাছত গোচৰৰ বিচাৰ অধিক দ্ৰুত হোৱাত শাস্তিৰ হাৰ আৰু বৃদ্ধি পাই ৮৬.৮৪ শতাংশলৈ পৌঁছিছে বুলি পুলিচে জানিবলৈ দিয়ে।

আজি গুৱাহাটীৰ পুলিচ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ বৈঠকত যুটীয়া পুলিচ আয়ুক্ত অংকুৰ জৈনে কয় যে নিয়মিত তদাৰক, অনুসন্ধান ব্যৱস্থাত মনোযোগ আৰু দায়িত্বশীল কাম-কাজৰ ফলতেই এই উন্নতি সম্ভৱ হৈছে। নতুন আইনৰ ফলত গোচৰ সমাপ্ত কৰিবলৈ কম সময় লাগিছে বুলিও তেওঁ উল্লেখ কৰে। সম্পত্তি সংক্ৰান্ত অপৰাধৰ ক্ষেত্ৰতো ইতিবাচক ছবি দেখা গৈছে। ২০২৫ বৰ্ষত এই ধৰণৰ ১,৮৫৪টা গোচৰ নথিভুক্ত হয়। ২০২৪ বৰ্ষত এই সংখ্যা আছিল ২,৮০৪টা আৰু ২০২৩ বৰ্ষত ৩,৭৫২টা। বিশেষকৈ বাহন চুৰিৰ ঘটনাত হ্ৰাস পাইছে। ২০২৪ বৰ্ষত ১,১১৮টা বাহন চুৰিৰ ঘটনা হৈছিল যদিও ২০২৫ বৰ্ষত সেই সংখ্যা কমি ৫৫৩টালৈ নামি আহিছে। এইসমূহৰ ভিতৰত ২৬৭টা বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে পুলিচে।


মোবাইল ফোন চুৰৰ বিৰুদ্ধে চলোৱা অভিযানৰ। ক্ষেত্ৰতো পুলিচে সফলতা লাভ কৰিছে। চলিত বছৰত ১,১৫৯টা চুৰি হোৱা মোবাইল উদ্ধাৰ কৰি গৰাকীসকলৰ হাতত উভতাই দিয়া হৈছে। এই ঘটনাসমূহৰ সৈতে জড়িত থকাৰ অভিযোগত ২০৩জন লোকক আটক কৰা হৈছে। একেদৰে ১২৩টা লুণ্ঠনৰ গোচৰত ১৬৩জন অভিযুক্তক ধৰা হৈছে।
মাদক বিৰোধী অভিযানো অধিক কঠোৰ কৰা হৈছে। জানিব পৰা মতে, ২০২৩ বৰ্ষত মাদক সংক্ৰান্ত ৩০১টা গোচৰ নথিভুক্ত হৈছিল। ২০২৪ বৰ্ষত এই সংখ্যা বৃদ্ধি পাই ৩৬৫টালৈ আৰু ২০২৫ বৰ্ষত ৪০৬টালৈ পৌঁছিছে। চলিত বছৰত মাদক সৰবৰাহ আৰু বিক্ৰীৰ সৈতে জড়িত ৫৫৫জন লোকক ধৰা হৈছে। পুলিচৰ মতে, এই তথ্যই মাদক বিৰোধী অভিযানৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱাৰ ইংগিত দিয়ে।

ইপিনে, চাইবাৰ প্ৰৱঞ্চনা দমনতো মহানগৰ পুলিচে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আছে। পাঞ্জাবাৰী চাইবাৰ অপৰাধ থানাৰ জৰিয়তে ২০২৩ বৰ্ষত প্ৰৱঞ্চকৰ হাতৰ পৰা ৬ কোটি ২৮ লাখ টকা উদ্ধাৰ কৰি ভুক্তভোগীসকলক উভতাই দিয়া হৈছিল। ২০২৫ বৰ্ষত এই ক্ষেত্ৰত ১৮টা গোচৰত অভিযোগপত্ৰ দাখিল কৰা হৈছে আৰু ১,৭৮৪টা অভিযোগৰ অনুসন্ধান সম্পন্ন হৈছে। পথ সুৰক্ষাৰ ক্ষেত্ৰতো উন্নতি দেখা গৈছে। ২০২৪ বৰ্ষত গুৱাহাটীত ১,২১৮টা পথ দুৰ্ঘটনা হৈছিল। ২০২৫ বৰ্ষত এই সংখ্যা কমি ১,০২৬টালৈ নামি আহিছে। পুলিচে জনোৱা মতে, নাগৰিকৰ সহযোগিতাই এই উন্নতিত ডাঙৰ ভূমিকা লৈছে। বছৰৰ শেষ দিনত গুৱাহাটীত কোনো ডাঙৰ পথ দুৰ্ঘটনা নোহোৱাত পুলিচে নাগৰিকসকলক ধন্যবাদ জনাইছে। পথ চলাচলৰ নিয়ম ভংগৰ বিৰুদ্ধে অভিযান চলাই ২০২৫ বৰ্ষত প্ৰায় ৫০ কোটি টকা জৰিমনা আদায় কৰা হৈছে।


গুৱাহাটী মহানগৰ পুলিচে স্পষ্ট কৰিছে যে মহানগৰীৰ শান্তি, শৃঙ্খলা আৰু নাগৰিক সুৰক্ষা নিশ্চিত কৰাই তেওঁলোকৰ মুখ্য লক্ষ্য। আগন্তুক দিনতো অপৰাধ নিয়ন্ত্ৰণ আৰু জনসুৰক্ষা অধিক শক্তিশালী কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি পুলিচে জনাইছে।

Related Articles