শ্ৰী শ্ৰী আউনীআটী(North Guwahati) সত্ৰৰ অন্যতম শাখা সত্ৰ উত্তৰ গুৱাহাটী আউনীআটী সত্ৰৰ নামলগোৱা বৈষ্ণৱ চুৰেন বৰাৰ কালি দিনৰ ১ মান বজাত চিকিৎসালয়লৈ নিয়াৰ পথত দেহাৱসান ঘটে। হঠাৎ শ্বাস প্ৰশ্বাস লোৱাত অসুবিধা অনুভৱ কৰা বৈষ্ণৱ গৰাকীক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।প্ৰয়াত বৰা ৭বছৰ বয়সতে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ বৈষ্ণৱ হিচাপে নিগাজীকৈ সত্ৰতে আছিল। ৭২ বছৰ ধৰি সত্ৰৰ সেৱাত ব্ৰতী হৈ মৃত্যুৰ আগমূহূৰ্তলৈকে সত্ৰৰ নাম লগোৱা পদ অলংকৃত কৰি আছিল।অতি অমায়িক আৰু সৰবৰহী বৈষ্ণৱ গৰাকীৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড°পীতাম্বৰ দেৱ গোস্বামীয়ে কয় যে চুৰেণ বৰা সত্ৰৰ ধৰণী স্বৰূপ আছিল।
তেওঁ ওৰেটো জীৱন সত্ৰৰ নামত নিজকে উৎসৰ্গিত কৰিছিল।দুৰ্লভ শৰ্মা বৰপূজাৰী ,ভৱেন শৰ্মা বৰপূজাৰীৰ লগতে গোপাল ওজাৰ মৃত্যুৰ পিছত সত্ৰৰ সেই অভাৱ পূৰণ কৰিছিল চুৰেন বৰাই।সুৰেন বৰাৰ সেই ঠাই কোনোও পূৰণ কৰিব নোৱাৰে বুলি সত্ৰাধিকাৰ ড০ গোস্বামীয়ে লগতে কয়। সত্ৰত ৰাতিপুৱা শুৱলা কণ্ঠৰে কৰা স্তুতি গীত আৰু নাম প্ৰসংগৰ অভাৱ সদায় অনুভৱ কৰিব বুলি সত্ৰাধিকাৰ গৰাকীয়ে লগতে কয়। লগতে তেওঁ উল্লেখ কৰে অতি অমায়িক সকলোৰে সমাদৃত সুৰেন বৰা যদিও নিৰক্ষৰ আছিল তেওঁৰ সকলো বিষয় নখ দৰ্পনত আছিল।বৰাদেও বুলিলে সকলোৱে তেওঁক জানিছিল। সত্ৰাধিকাৰ গৰাকীয়ে গভীৰ শোক প্ৰকাশ কৰি ধৰণী স্বৰূপ সুৰেন বৰাৰ অভাৱ সত্ৰত কেতিয়াও কোনোৱে পুৰণ কৰিব নোৱাৰে বুলি উল্লেখ কৰে।
ইফালে বৈষ্ণৱ গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে উত্তৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ ভক্ত সকল সত্ৰলৈ আহি তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৰিগাঁওৰ বৰঙাবাৰীত জন্ম গ্ৰহণ কৰা ৭৯ বছৰ গৰকা বৈষ্ণৱ গৰাকীৰ নশ্বৰ দেহ অগনন ভক্তৰ উপস্থিতিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত অন্তিম সৎকাৰ কৰা হয়। সত্ৰৰ বৈষ্ণৱ চুৰেন বৰাৰ মৃত্যুত সত্ৰৰ বৈষ্ণৱ সকলৰ লগতে বৃহত্তৰ উত্তৰ গুৱাহাটীত গভীৰ শোকৰ ছাঁ পৰে

