Zubeen Garg Death Case: দানৱকেইটাই শাস্তি পাব লাগিবঃ আদালতৰ পৰা ওলাই আহি গৰিমা গাৰ্গৰ মন্তব্য

আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তৃতীয়টো শুনানি আছিল।(Zubeen Garg Death Case)

সত্ৰ ন্যায়াধীশৰ আদালতত উপস্থিত হয় জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ, খুড়াক মনোজ বৰঠাকুৰ, অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ অধিবক্তাকে ধৰি SITৰ বিষয়া।

আদালতৰ পৰা ওলাই আহি গৰিমা গাৰ্গে সংবাদমাধ্যমৰ আগত ক’লে, ‘অসুৰ বধ হ’বই লাগিব’ ‘জুবিনৰ হত্যাকাৰী এই দানৱকেইটাই গুৰুতৰ শাস্তি পাবই লাগিব’।

‘অভিযুক্ত কেইজনৰ মুখত মই অলপো অনুসূচনা নেদেখিলো’।

‘কাৰো অনুশোচনা নাই, দোষী সদায় দোষীয়ে। এইকেইটা অসুৰ, মানুহ বুলি নকওঁ। দানৱকেইটাই শাস্তি পাব লাগিব’।

‘জুবিন মোৰ স্বামীয়ে নহয়, আপোনাৰলোকৰো প্ৰাণৰ আছিল’।

জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ তৃতীয়টো শুনানিত উপস্থিত হৈ এই মন্তব্য পত্নী গৰিমা শইকীয়া গাৰ্গৰ।

Related Articles