পিতৃ মাতৃক সাৱতি উচুপি উঠিছে এজাক ছাত্ৰ-ছাত্ৰী ৷(Kakapather News)
চকুলো নিগৰিছে পিতৃ-মাতৃৰ ৷
তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অতি ভিতৰুৱা পিছপৰা হাঁহখাটি অঞ্চলৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত এক ব্যতিক্ৰমী অনুষ্ঠান ৷
ছাত্ৰ-ছাত্ৰী সকলক মানসিকভাৱে শক্তিশালী কৰাৰ এক অনন্য প্ৰচেষ্টা ৷
সমাজ ব্যৱস্থাক নতুন প্ৰজন্মই ধৰি ৰাখিবলৈ বিদ্যালয় খনৰ পদক্ষেপ।
জ্যেষ্ঠ জনক সন্মান, গুৰু সেৱা পিতৃ মাতৃ সেৱাৰে বিশেষ অনুষ্ঠান ।
গুৰু সেৱা পিতৃ মাতৃ সেৱা কৰি কৰি উচুপি উঠিল ছাত্ৰছাত্ৰী সকল ।
এসময়ৰ সন্ত্ৰাস জৰ্জৰ এটা ভিতৰুৱা কাকপথাৰ হাঁহখাটি অঞ্চলত গঢ় লৈ উঠা জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ এই ব্যতিক্ৰমী পদক্ষেপ ।
বিদ্যালয় খনত মানসিক উৎকৰ্ষ সাধনৰ অনুষ্ঠানত দেখিবলৈ পোৱা গ’ল এই দৃশ্য ৷

