নলবাৰী জিলাৰ(Road Accident)বৰক্ষেত্ৰীৰ আৰিকুছি দোনাবাৰীত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে।
আৰিকুছি দোনাবাৰীস্থিত বৰুৱা এণ্টাৰপ্ৰাইজত খুন্দিয়ালে এখন চাৰিচকীয়া বাহনে।
জানিব পৰা মতে,চালকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়াই ব্যৱসায়ীক প্ৰতিষ্ঠানখনত।
দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ব্যৱসায়িক প্ৰতিষ্ঠানখনত বহি থকা মালা বৈশ্য, প্ৰদীপ বৈশ্য,হৰে দাস, পংকজ দাস নামৰ লোককেইজন।
ঘটনাস্থলীত কমাৰকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে দুৰ্ঘটনা সংঘটিত হোৱা এ এছ ০১ বি ই ৩৫৯০ নম্বৰৰ চাৰিচকীয়া বাহনখন জব্দ কৰে।
সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

