Narendra Modi: কাইলৈ অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

শনিবাৰে গুৱাহাটীত (Narendra Modi) উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী।

সন্ধিয়া ৫.২০ত বিমান বন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

প্ৰধানমন্ত্ৰীগৰাকীক বিশাল ৰেলীৰে আদৰি আনিব ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাই।

৬ বজাত অংশগ্রহণ কৰিব সৰুসজাইৰ বাগুৰুম্বা নৃত্য অনুষ্ঠানত।

নিশা কইনাধৰা ৰাজ্যিক অতিথিশালাত থাকিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী।

দেওবাৰে ৯.৩০ত খানাপাৰাৰ পৰা কলিয়াবৰলৈ যাব ১১ বজাত অংশগ্রহণ কৰিব ৰাজহুৱা সভাত।

১২.১৫ত গুৱাহাটী বিমান বন্দৰলৈ আহিব প্রধানমন্ত্রী ১ বজাত পুনৰ দিল্লীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ১৩খনকৈ নতুন ৰে’ল সেৱা ইয়াৰ ভিতৰত অন্যতম ভাৰতৰ প্ৰথম শ্লীপাৰ বন্দে ভাৰত ৰে’ল।

কামাখ্যাৰ পৰা পশ্চিমবংগলৈ চলিব এই ৰে’ল।

১৮ জানুৱাৰীত মুকলি কৰিব দুখনকৈ ৰে’ল।

এয়া হ’ব অসমৰ প্ৰথম দুখন অমৃত ভাৰত ৰে’ল- প্রথমখন চলিব ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ বন্তি নগৰলৈ।

দ্বিতীয়খন চলিব কামাখ্যাৰ পৰা লোকনাথ ৰে’ল ষ্টেচনলৈ।

Related Articles