Munmi Borah: ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত উজলিল তেল ডিপোত কৰ্মৰত মুনমী বৰা

মনত (Munmi Borah) উদ্যম আৰু সাহস থাকিলে সফলতাৰ বাট চমু হৈ পৰে সেই কথা প্ৰমাণ কৰি দেখুৱালে তেল ডিপোত কৰ্মৰত প্ৰতিভাৱান খেলুৱৈ গৰাকী। ডিব্ৰুগড় জিলাৰ খোৱাঙৰ স্বৰ্ণ তেল ডিপোত কৰ্মৰত হৈ আছে মুনমী বৰা খেলুৱৈ গৰাকীয়ে। তেল ডিপোত কাম কৰি উপাৰ্জনৰ বাট মুকলি কৰা মুনমী বৰাই উজলিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত।

শেহতীয়াকৈ যোৱা ২৯ৰ পৰা ৩১ ডিচেম্বৰলৈ তামিলনাডুৰ আমেট বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা “11 Senior National lagori Sports Championships” ত অসম দলক প্ৰতিনিধিত্ব কৰি লাভ কৰিলে সোণৰ পদক।

সাপেখাতী লখিমীপামৰ মিনেশ্বৰ বৰা আৰু প্ৰতিভা বৰাৰ কন্যা মুনমী বৰাই নিজৰ উপাৰ্জনৰ বাবে খোৱাঙৰ স্বৰ্ণ তেল ডিপোত কৰ্মৰত হৈ আছে যদিও নিজক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ চেষ্টা অব্যাহত ৰাখিছে। মুনমী বৰাৰ সৈতে অসম দলত চৰাইদেউ, বাক্সা, কামৰূপ, তামোলপুৰ, গুৱাহাটী আৰু বজালী জিলাৰ খেলুৱৈ অসম দলৰ হৈ অংশগ্ৰহণ কৰিছিল বুলি জানিবলৈ দিছে মুনমী বৰাই। স্বৰ্ণ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা খেলুৱৈ গৰাকীৰ সফলতাত উৎফুল্লিত স্বৰ্ণ তেল তেল ডিপোৰ আন কৰ্মচাৰী আৰু সতীৰ্থ সকল । খেলুৱৈ গৰাকীৰ এই সফলতাৰ পাছতেই তেওঁ কৰ্মস্থানতে চেলেং আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰিলে সমাজকৰ্মী পৰাগ দত্তই।

Related Articles