অপেক্ষা ,অপেক্ষা ৷ কোন হব পৰৱৰ্তী যমুনামুখৰ বিধায়ক৷ ভোটাৰৰ হাতত ১৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য৷ সুযোগৰ অপেক্ষাত জাতীয়তাবাদী শিবিৰো৷ মহাজোঁট,মিত্ৰজোঁট,এজেপি আৰু ৰাইজৰ দলেযমুনামুখ সমষ্টিৰ চোকে কোনে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে৷ আটাইকেইটা দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে দিন ৰাতি একাকাৰ কৰি ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি আছে৷ আজমলৰ দখলত থকা সমষ্টিটোত অগপৰ পৰা বিগত বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰা উচ্চ শিক্ষিত যুৱ নেতা জিয়া উদ্দিন আহমেদক এলাগী কৰি মিত্ৰজোঁট সমৰ্থিত অগপে প্ৰাৰ্থিত্ব দিলে ছাদিক উল্লা ভূঞাক৷ ফলত ভূঞাক লৈ দলীয় কৰ্মীৰ নাই উচাহ৷ ততাপিও জয়ৰ আশা এৰা নাই অগপে৷ বহু নেতা কৰ্মীৰ লগতে বিজেপিৰ যুৱনেতা অমৰজ্যোতি শইকীয়াই মিত্রজোঁটৰ মনোনীত প্রাৰ্থী ছাদিক উল্লা ভূঞাক উদ্বাৰ কৰিবলৈ ব্যাপক নিৰ্বাচনী প্রচাৰ চলোৱা পৰিলক্ষিত হয়৷ তাৰ বিপৰীতে পুৰনি কোনো নেতাক নিৰ্বাচনী প্ৰচাৰত দেখা নাই ৰাইজে৷ উল্লেখ যোগ্য যে ১৯৯৬ আৰু ২০০১ চনত সমষ্টিটোৰ পৰা একেৰাহে দুবাৰকৈ অগপ দলৰ পৰা আলহাজ খলিলুৰ ৰহমান চৌধুৰী বিধায়ক নিৰ্বাচিত হৈছিল ৷ সেইহেতুকে এসময়ৰ অগপৰ দুৰ্গ ৰুপে পৰিচিত যমুনামুখ সমষ্টিপুনৰ উদ্বাৰ কৰাৰ সম্ভাৱনা নাই৷ নৱগঠিত এজেপি আৰু ৰাইজৰ দলেও সমষ্টি দখলৰ সুযোগৰ অপেক্ষাত ৷ উল্লেখ যোগ্য যে এইবাৰৰ নিৰ্বাচনত মুঠ ১৪ জন প্ৰাৰ্থীৰ ভিতৰত মহাজোঁটৰ প্ৰাৰ্থী ছিৰাজুদ্দিন আজমল (এআইইউডিএফ) , অসম জাতীয় পৰিষদৰ বদৰুল হক, অসম গণ পৰিষদ ছাদিক উল্লা ভূঞা ,ৰাইজৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধূৰী ৰাইজৰ চৰ্চাত আছে যদিও সমষ্টিটোত মূল ৰাজনৈতিক যুঁজখন হব এআইইউডিএফৰ ছিৰাজুদ্দিন আজমল আৰু ৰাইজৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী দিলোৱাৰা চৌধুৰীৰ মাজত হব ৷ সমষ্টিত বদৰুদ্দিন আজমলৰ বিধায়ক পুত্ৰ আব্দুৰ ৰহিম আজমলৰ বিৰুদ্ধে প্ৰৱল প্ৰতিষ্ঠানবিৰোধী ঢৌ আছিল ৷ একপ্ৰকাৰ আজমলৰ বাবে সমষ্টিটো উদ্ধাৰ কৰা এক প্ৰত্যাহ্বান আছিল ৷ তাৰ পাছতো আজমলে সমষ্টিত ব্যাপক সভা সমিতি পাতি ভোটাৰৰ সহাঁৰি লাভ কৰিছে৷ তাৰ সমানে সমানে কংগ্ৰেছৰ আটাইকেইটা শিবিৰৰ পৰা মুকলি সমৰ্থন পাইছে ছিৰাজুদ্দিন আজমলে ৷ এনে এক দৃষ্টিত যমুনামুখ জয়ৰ দিশে আজমল৷ যদিও ইয়াৰ বাবে মাত্ৰ কেইটামানদিন অপেক্ষা কৰিব লাগিব৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…
- বিনন্দীয়া ধৰিত্ৰীত প্লাষ্টিকৰ প্ৰভাৱ…