প্ৰধানমন্ত্ৰী(Vande Bharat sleeper Express) নৰেন্দ্ৰ মোদীয়ে শনিবাৰে অসম আৰু পশ্চিম বংগৰ পৰা ৫খন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰে। এই ৰে’লসমূহে উত্তৰ-পূবৰ ৰাজ্যসমূহক উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ সৈতে সংযোগ কৰিব। সুলভ, আৰামদায়ক আৰু দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ বাবে ৰেলৱেই ডিজাইন কৰিছে অমৃত ভাৰত এক্সপ্ৰেছ। এই ৰেলসমূহত নন-এচি ডবা আছে যদিও চাৰ্জিং পইণ্ট, বায়’-টয়লেট আৰু চিচিটিভিৰ দৰে আধুনিক সুবিধাসমূহ আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহ্য আৰু সংস্কৃতিক মৰ্যাদা প্ৰদান কৰি প্ৰযুক্তিগত উন্নয়নী যাত্ৰাক আগুৱাই নিয়াত সদায় প্ৰাধান্য দি আহিছে৷ শনিবাৰে ফ্লেগ অফ কৰা প্ৰথম বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ অত্যাধুনিক সকলো সুবিধাৰে সমৃদ্ধ হোৱাৰ লগতে জহা চাউলৰ ভাত, মাটি মাহৰ দাইল, লাবৰা আদি অসমীয়া থলুৱা খাদ্যও উপলব্ধ হ’ব৷

