কামাখ্যা ষ্টেচনত(Himanta Biswa Sarma) বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰি ৰেজাউল কৰিম সৰকাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। ৰেজাউল কৰিম সৰকাৰৰ শিক্ষা জেহাদ মন্তব্যক লৈ অসমৰ ৰাজনীতিত নতুন বিতৰ্কৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত তীব্ৰ ভাষাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে, জেহাদ শিক্ষাৰ বিকাশ বুলি ক’লে আমাৰ কোনো আপত্তি নাই। কিন্তু জেহাদ মানেই এটা গণ্ডগোলীয়া শব্দ। বৰ্তমান অসমৰ পৰিপ্ৰেক্ষিতত এই শব্দটোৱে দুই নম্বৰী কাম-কাজক বুজায়। মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে, প্ৰশ্নকাকত ফাদিল কৰা, উত্তৰ বহী ফাদিল কৰা আদিৰ দৰে ক্ৰিয়াকলাপকো জেহাদ শব্দৰে ঢাকি থোৱা হয়।
তেওঁ লগতে অভিযোগ কৰে যে, একাংশ লোকৰ দ্বাৰা লেণ্ড জেহাদ, ফাৰ্টিলাইজাৰ জেহাদ আৰু লাভ জেহাদ আদি শব্দ ব্যৱহাৰ কৰি সমাজত বিশৃঙ্খলা সৃষ্টি কৰা হৈছে। লেণ্ড জেহাদ মানে মাটি টকা দি কিনা নহয়, জোৰকৈ দখল কৰা। ফাৰ্টিলাইজাৰ জেহাদ মানে মানুহৰ শৰীৰৰ বাবে ক্ষতিকাৰক সাৰ ব্যৱহাৰ কৰা। লাভ জেহাদ মানে ছোৱালীক দেউতাক-মাকৰ সন্মতি নোলোৱাকৈ ফুচুলাই বিয়া পাতি নিয়া। এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যক উল্লেখ কৰি কয়, ৰেজাউল কৰিমে এতিয়া ঘোষণা কৰি দিলে যে আগতে লেণ্ড জেহাদ, লাভ জেহাদ, ফাৰ্টিলাইজাৰ জেহাদ কৰিছিলো, এতিয়া শিক্ষা জেহাদ কৰিব। এই ধৰণৰ চিন্তাধাৰা কিমান বিপজ্জনক সেয়া সহজে অনুমান কৰিব পাৰি। যদি শিক্ষাৰ বিকাশৰ কথা ক’ব লাগিছিল তেন্তে সহজতে ক’ব পাৰিলেহেঁতেন যে ছাত্ৰ-ছাত্ৰীসমূহে পঢ়া-শুনা কৰক। লাভ জেহাদৰ দৰে শিক্ষা জেহাদ কৰাৰ কথা কোৱাটোৱে সন্দেহৰ সৃষ্টি কৰে।
এই ধৰণৰ ক্ৰিয়াকলাপ আগতেও UTSM-ত আৰম্ভ হৈছিল আৰু এতিয়া আনুষ্ঠানিক ৰূপ দি ঘোষণা কৰা হৈছে। এনেকুৱা কাৰ্যকলাপ অব্যাহত থাকিলে আইন অনুসাৰে কঠোৰ ব্যৱস্থা ল’ব লাগিব, আনকি জেললৈ পঠিয়াবলগীয়া পৰিস্থিতিও আহিব পাৰে। শেষত মুখ্যমন্ত্ৰীয়ে কয়, ইয়াত সাধাৰণ মিঞা-মুছলমান সমাজক দোষ দিয়াৰ প্ৰশ্ন নাই, কিন্তু একাংশ ব্যক্তিয়ে এনে কাৰ্যকলাপ কৰি অসমখনক ক্ষতি কৰিব বিচাৰে। আজি বিজেপি চৰকাৰ আছে বাবেই এইবোৰ কিছু পৰিমাণে নিয়ন্ত্ৰণত আছে।”

