ধিঙৰ(Dhing News)কদমনি শংকৰ আজান জাতীয় বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাৰে শান্তি-সম্প্ৰীতিৰ বাৰ্তা।
নগাঁও জিলাৰ ধিঙৰ কদমনিস্থিত শংকৰ আজান জাতীয় বিদ্যালয়ে বিদ্যালয়ৰ দশম বাৰ্ষিক খেল-ধেমালিৰ প্ৰথম দিনা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰে।
ধুপগুৰি কলনি বস্তিৰ পৰা কদমনি বজাৰলৈ উলিওৱা শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পাৰ আৰু সংস্কৃতি প্ৰদৰ্শন কৰে।
এই উদ্যোগে শান্তি, সম্প্ৰীতি আৰু সামাজিক ঐক্যৰ বাৰ্তা প্ৰচাৰ কৰি ৰাইজৰ প্ৰশংসা লাভ কৰিছে।

