ডাভোছত চলি থকা(Assam Semiconductor) বিশ্ব অৰ্থনৈতিক মঞ্চত এইবাৰ প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা অসমে ছেমিকণ্ডাক্টৰ উদ্যোগৰ দিশত ডাঙৰ সম্ভাৱনাৰ সংকেত প্ৰদান কৰিছে৷ মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টাটা গ্ৰnপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যখনত চিপ নিৰ্মাণৰ এক শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ বিষয়ত আলোচনা কৰে৷ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ইতিমধ্যে টাটাৰ উপস্থিতিয়ে অসমত উদ্যোগিক আত্মবিশ্বাস বৃদ্ধি কৰিছে আৰু এতিয়া আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে এই ব্যৱস্থাটোক অধিক মজবুত কৰাৰ লক্ষ্য লৈছে৷ সামাজিক মাধ্যমত দিয়া এটা পোষ্টত তেওঁ কয় যে ডাভোছত বহু বিশ্বখ্যাত ছেমিকণ্ডাক্টৰ কোম্পানীৰ সৈতে বৈঠক হ’ব, যিয়ে ভৱিষ্যৎ বিনিয়োগৰ পথ প্ৰশস্ত কৰিব৷
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কয় যে এটা ডাঙৰ উদ্যোগ ৰাজ্যখনলৈ আহিলে অন্যান্য সহায়ক উদ্যোগসমূহো আগবাঢ়ি যাব পাৰে ৷ ইয়াৰ ফলত কৰ্মসংস্থান বৃদ্ধি পায় আৰু অৰ্থনীতি অধিক শক্তিশালী হয়৷ যদিও বৰ্তমানলৈ কোনো আনুষ্ঠানিক চুক্তি স্বাক্ষৰ হোৱা নাই, তথাপি আলোচনা ইতিবাচক দিশত আগবাঢ়িছে বুলি তেওঁ কয়৷ গুৱাহাটীক উত্তৰ-পূৰ্বাঞ্চলৰ এক গুৰুত্বপূৰ্ণ টেলেণ্ট হাব হিচাপে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দক্ষ মানৱ সম্পদৰ উপলব্ধতাই বিনিয়োগকাৰীক আকৃষ্ট কৰিছে৷ কিছুমান ওচৰৰ ৰাজ্যৰ ভৌগোলিক সীমাবদ্ধতাৰ বিপৰীতে অসম উদ্যোগ বিস্তাৰৰ বাবে অধিক সুবিধাজনক বুলিও তেওঁ মন্তব্য কৰে৷ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য উদ্ধৃত কৰি মুখ্যমন্ত্ৰীয়ে অসমক দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ অন্যতম ৰাজ্য হিচাপে উল্লেখ কৰে৷ ডাভোছত ছেমিকণ্ডাক্টৰ আলোচনা অসমক ভাৰতৰ প্ৰযুক্তি আৰু উৎপাদন শৃংখলত এক নতুন পৰিচয় দিব বুলি আশা কৰা হৈছে৷
ইপিনে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ছুইজাৰলেণ্ডত অনুষ্ঠিত ৱল্ডৰ্ ইকনমিক ফ’ৰামৰ বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিচিত ড॰ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জ্ঞাপন কৰে ৷ মুখ্যমন্ত্ৰী নাইডুৱে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰশংসাৰে উপচাই কয় যে তেওঁ বিশ্ব দৰবাৰত অসমক প্ৰতিনিধিত্ব কৰি ইতিহাস সৃষ্টি কৰিছে ৷ ‘জুৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰো ৷
ছুইজাৰলেণ্ডত অনুষ্ঠিত ৱল্ডৰ্ ইকনমিক ফ’ৰামৰ বাৰ্ষিক সভাত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেওঁ ইতিহাস ৰচনা কৰিছে ৷ মই তেওঁক অভিনন্দন জনাইছো আৰু তেওঁৰ সফলতা কামনা কৰিছো’- সামাজিক মাধ্যম এক্সত প্ৰকাশিত এটা পোষ্টত এনেদৰে কয় অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷

