বৰপেটাত গানৰ দিন উদযাপন।(Diganta Bharati)যিগৰাকী সংগীতজ্ঞই নিজৰ সৃষ্টিৰে প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্রাণিত কৰি আহিছে; সেইগৰাকী শিল্পী দিগন্ত ভাৰতীৰ সাংগীতিক জীৱন উদ্যাপনৰ বিনম্র প্রয়াসেৰে প্ৰতিবছৰে গুৱাহাটীত অনুস্থিত গানৰ দিন এইবাৰ বৰপেটাত অনুস্থিত হৈছে।
দিগন্ত ভাৰতীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি উদযাপন কৰা গানৰ দিন উপলক্ষে মঙলবাৰে ৰক্তদান শিবিৰ, সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুস্থানৰ আয়োজন কৰা হয়।
বৰপেটা জিলা পুথিভঁৰালত অনুস্থিত গানৰ দিন উপলক্ষে অনুস্থিত ৰক্তদান শিবিৰত দিগন্ত ভাৰতীৰ লগতে কেবাগৰাকীও বিশিষ্ট শিল্পী, বৰপেটাৰ কেবাগৰাকীও সাংবাদিক, সমাজকৰ্মীয়ে ৰক্তদান কৰে।
ইপিনে গানৰ দিন উপলক্ষে ৰাজ্যিক ভিত্তত ভূপেন হাজৰিকা আৰু দিগন্ত ভাৰতী-জুবিন গাৰ্গ জুটিৰ গানৰ প্ৰতিযোগিতাত বিভিন্ন জিলাৰ প্ৰতিযোগীয়ে অংশ লয় ।
নিশাৰ সাংস্কৃতিক অনুস্থানত দিগন্ত ভাৰতী, ভাস্বতী ভাৰতী, প্ৰিয়ংকা ভৰালী, নীল আকাশ, দীক্ষু আদিয়ে অংগ্ৰহণ কৰে।
জুবিন গাৰ্গ জৰিত হৈ থকা গানৰ দিনৰ অনুস্থানত এই প্ৰথমবাৰ জুবিন গাৰ্গ অবিহনে দিগন্ত ভাৰতীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি গানৰ দিনৰ উদযাপন কৰা হৈছে।

