অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীৰ একাদশ বাৰ্ষিক আখৰা শিবিৰ মুকলি আৰু সম্বৰ্ধনা অনুষ্ঠান

দৰঙৰ অগ্ৰণী লোক-নৃত্য আৰু লোক-বাদ্যৰ দল অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীৰ একাদশ বাৰ্ষিক আখৰা শিবিৰ মুকলি কৰাৰ লগতে শিল্পী সম্বৰ্ধনা সভা নামখলা গাঁও পঞ্চায়ত সমবায় সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। পুৱা এক মাঙ্গলিক কাৰ্যসূচীৰে আখৰা শিবিৰ মুকলি কৰে মঙলদৈ শান্তিপুৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক গৌতম শৰ্মাই।


নামখলা আদৰ্শ জাতীয় বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰেমানন্দ বৰুৱাই। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ন কৰাৰ পিছতেই। দিনৰ এঘাৰ বজাত ডাঁহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক নাৰায়ণ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি আৰু সম্বৰ্ধনা সভা।

অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীৰ প্ৰযোজক-পৰিচালক হেমন্ত কলিতাই আদৰণি ভাষণ প্ৰদান কৰা আৰু খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী জোনালী ৰাজবংশীয়ে উদ্বোধন কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড° পবিত্ৰ শৰ্মা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘অগ্নিশিখা সন্মান’ প্ৰদান কৰা সভাত দহগৰাকী শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Related Articles